ETV Bharat / bharat

শনিবাৰে ঘোষণা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ সময়সূচী

author img

By PTI

Published : Mar 15, 2024, 1:12 PM IST

Updated : Mar 15, 2024, 1:24 PM IST

Lok Sabha Election 2024 date: শনিবাৰে ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ সময়সূচী ৷ সংবাদ সংস্থা পিটিআয়ে এক পোষ্টযোগে জনায় এই কথা ৷

Lok Sabha Election 2024
Lok Sabha Election 2024

নেশ্যনেল ডেস্ক, 15 মাৰ্চ: অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান পেলাই শনিবাৰে ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ সময়সূচী ৷ শুকুৰবাৰে সংবাদ সংস্থা পিটিআয়ে জনোৱা মতে শনিবাৰে বিয়লি 3 বজাত এক সংবাদ মেলযোগে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিব সমাগত সাধাৰণ নিৰ্বাচনৰ কাৰ্যক্ৰমণিকা ৷

X ত পোষ্টযোগে এই কথা জনাইছে সংবাদ সংস্থাটোৱে ৷ উল্লেখ্য যে, অহা 16 জুনত বৰ্তমানৰ লোকসভাৰ কাৰ্যকালৰ অন্ত পৰিব ৷ গতিকে, তাৰ পূৰ্বেই গঠন কৰিব লাগিব সংসদৰ নিম্ন সদন ৷ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰি দেশৰ প্ৰায় সংখ্যক প্ৰধান দলেই ঘোষণা কৰিছে একাধিক প্ৰাৰ্থী তালিকা ৷ লক্ষ্য দিল্লীৰ মচনদ দখল ৷

স্মৰ্তব্য যে বিগত 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময় উক্ত বৰ্ষৰ মাৰ্চৰ 10 তাৰিখে নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল নিৰ্বাচনৰ দিন-বাৰ ৷ 11 এপ্ৰিলৰ পৰা 7 টা পৰ্যায়ত অনুষ্ঠিত হৈছিল সেই নিৰ্বাচন ৷ নিৰ্বাচনৰ অন্তত মে’ মাহৰ 23 তাৰিখে ঘোষণা কৰা হৈছিল ফলাফল, য’ত 353 টা আসন দখলেৰে শাসনলৈ আহিছিল বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স ৷

দেশৰ সাধাৰণ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত পেনেলে বৃহস্পতিবাৰে প্ৰাক্তন আমোলা সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছে ৷ উল্লেখ্য যে, ফেব্ৰুৱাৰীত নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ অৱসৰ আৰু ইয়াৰ পিচতেই অৰুণ গোৱেলে হঠাতে পদত্যাগ কৰাৰ পিচত এই খালী পদৰ সৃষ্টি হৈছিল ৷ 2027 চনৰ ডিচেম্বৰ মাহলৈকে কাৰ্যকাল থকা অৰুণ গোৱেলে কোনো কাৰণ উল্লেখ নকৰাকৈ 9 মাৰ্চত নিৰ্বাচন আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিছিল ৷

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে দেশবাসীক উপহাৰ, আজিৰে পৰা অসমকে ধৰি দেশত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

Last Updated :Mar 15, 2024, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.