ETV Bharat / bharat

জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ছিনজো আবেৰ পত্নীক সাক্ষাৎ জয়শংকৰৰ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 1:13 PM IST

MEA Jaishankar Tokyo visit
জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ছিনজো আবেৰ পত্নীক সাক্ষাৎ জয়শংকৰৰ

MEA Jaishankar Tokyo visit : টকিঅ' ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ছিনজো আবেৰ পত্নী আকি আবেক সাক্ষাৎ কৰে । ভাৰত-জাপানৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আবেৰ ভূমিকা উল্লেখযোগ্য আছিল ।

ইন্টাৰনেশ্যনেল ডেস্ক,৮ মাৰ্চ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ছিনজো আবেৰ পত্নী আকি আবেক সাক্ষাৎ কৰে আৰু ভাৰত-জাপান সম্পৰ্কৰ উন্নয়নত প্ৰয়াত প্ৰধানমন্ত্ৰীৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে ।

জাপানৰ নাৰাত নিৰ্বাচনী প্ৰচাৰৰ ভাষণৰ সময়তে ছিনজো আবেক গুলীয়াই হত্যা কৰা হৈছিল । ২০২২ চনৰ ৮ জুলাইত ৬৭ বছৰ বয়সত আবেৰ মৃত্যু হয় । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এক্সৰ এটা পোষ্টত লিখিছে যে এইবাৰ তেওঁৰ টকিঅ' ভ্ৰমণত স্বৰ্গীয় প্ৰধানমন্ত্ৰী ছিনজো আবেৰ পত্নী আকি আবেক তেওঁ সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ব্যক্তিগত পত্ৰ প্ৰদান কৰি জয়শংকৰে শেহতীয়াকৈ প্ৰয়াত প্ৰধানমন্ত্ৰীৰ মাতৃ য়োকো আবেৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে ।

আবে জাপানৰ আটাইতকৈ দীঘলীয়া সময়ৰ প্ৰধানমন্ত্ৰী আছিল । প্ৰথমে তেওঁ ২০০৬ চনৰ পৰা ২০০৭ চনলৈ কাৰ্যভাৰ গ্ৰহণ কৰিছিল । তাৰ পিচত পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল । ২০২২ চনত আবেৰ মৃত্যুৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক আৱেগিক টোকাত তেওঁক জাপানৰ এগৰাকী উৎকৃষ্ট নেতা হিচাপে প্ৰশংসা কৰিছিল ।

মোদীয়ে কৈছিল যে আবেৰ মৃত্যুৰ লগে লগে জাপান আৰু বিশ্বই এগৰাকী মহান দূৰদৰ্শী হেৰুৱাইছে আৰু তেওঁ নিজেও এগৰাকী মৰমৰ বন্ধুক হেৰুৱাইছে । ভাৰতৰ সৈতে জাপানৰ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আবেয়ে সদায় শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰিছিল আৰু প্ৰয়াত প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক অসামৰিক পাৰমাণৱিক চুক্তিও স্বাক্ষৰ কৰাৰ লগতে গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ প্ৰতিও সমৰ্থন দিছিল । আনহাতে নতুন দিল্লীক কোৱাড গোটত যোগদান কৰিবলৈ সৈমান কৰিছিল ।

আবেয়ে ভাৰত-জাপান সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ বাবে বাধাসমূহো আঁতৰাই দিছিল । ২০১১ চনৰ ১৬ ফেব্ৰুৱাৰীত এই চুক্তি স্বাক্ষৰিত হৈছিল আৰু ২০১১ চনৰ ১ আগষ্টত ই কাৰ্যকৰী হৈছিল । আইজেচিইপিএ হৈছে ভাৰতে আজিলৈকে আন দেশৰ সৈতে সম্পাদন কৰা আটাইতকৈ বিস্তৃত চুক্তিসমূহৰ ভিতৰত অন্যতম ।

লগতে পঢ়ক :অসামৰিক পোছাকতো মালদ্বীপত থাকিব নোৱাৰে কোনো ভাৰতীয় সৈন্য: মুইজজুৰ নতুন দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.