ETV Bharat / international

অসামৰিক পোছাকতো মালদ্বীপত থাকিব নোৱাৰে কোনো ভাৰতীয় সৈন্য: মুইজজুৰ নতুন দাবী

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 6:57 PM IST

Maldives India Diplomatic Row : ভাৰত মহাসাগৰ দ্বীপপুঞ্জৰ দেশখনত নিয়োজিত ভাৰতীয় সামৰিক বাহিনীৰ লোকসকলক অসামৰিক লোকৰ সৈতে সলনি কৰাৰ বাবে ভাৰত আৰু মালদ্বীপৰ মাজত এক চুক্তি স্বাক্ষৰ হৈছিল । কিন্তু এতিয়া মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে নতুনকৈ দাবী কৰিছে যে 'ভাৰতীয় সৈন্য'ক আনকি অসামৰিক পোছাকতো তাত থাকিবলৈ দিয়া নহ'ব ।

অসামৰিক পোছাকতো মালদ্বীপত থাকিব নোৱাৰে কোনো ভাৰতীয় সৈন্য
অসামৰিক পোছাকতো মালদ্বীপত থাকিব নোৱাৰে কোনো ভাৰতীয় সৈন্য

ইণ্টাৰনেচনেল ডেস্ক, ৫ মাৰ্চ : মালদ্বীপত নিয়োজিত ভাৰতীয় সামৰিক কৰ্মীসকলক দুয়োপক্ষৰ মাজত স্বাক্ষৰিত চুক্তিৰ পিচত ভাৰতে অসামৰিক কৰ্মীলৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । কিন্তু এইক্ষেত্ৰতো মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে বিৰোধিতা কৰিছে । মুইজজুৱে এইবাৰ দৃঢ়তাৰে কৈছে যে 'ভাৰতীয় সৈন্য'ক আনকি অসামৰিক পোছাকতো তেওঁৰ দেশত থাকিবলৈ দিয়া নহ'ব ।

সোমবাৰে বা আটোল ইধাফুছিত এটা আৱাসিক সম্প্ৰদায়ক সম্বোধন কৰা বাতৰি Edition.mv নামৰ ৱেবছাইটটোৱে প্ৰকাশ কৰি মুইজজুৰ উদ্ধৃতি দি কয়, "দেশত ১০ মে'ৰ ভিতৰত কোনো ভাৰতীয় সৈন্য নাথাকিব । কেৱল ইউনিফৰ্মতে নহয়, অসামৰিক পোছাকতো তেওঁলোক থাকিব নোৱাৰিব । ভাৰতীয় সামৰিক বাহিনীয়ে এই দেশত কোনো ধৰণৰ পোছাকতে থাকিব নোৱাৰিব । মই এই কথা আত্মবিশ্বাসেৰে কৈছোঁ ।"

উল্লেখ্য যে চীনপন্থী মুইজজুৱে যোৱা বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাৰতবিৰোধী স্থিতিৰে জয়ী হৈছিল । তেওঁ 'ইণ্ডিয়া আউট' নামৰ এক অভিযান চলাইছিল । এই অভিযানত তেওঁ দুখন হেলিকপ্টাৰ আৰু এটা ডৰ্ণিয়াৰ বিমান পৰিচালনা কৰাৰ বাবে তেওঁৰ দেশত উপস্থিত থকা কিছুসংখ্যক ভাৰতীয় সামৰিক লোকক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল । উল্লেখ্য যে 100-তকৈও কম সংখ্যাৰ এইসকল কৰ্মচাৰী মুখ্যত ভাৰত মহাসাগৰ দ্বীপপুঞ্জৰ ৰাষ্ট্ৰখনত মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্যৰ কামত জড়িত হৈ আছে ।

অৱশ্যে মুইজজুৱে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দাবী কৰিছিল যে মালদ্বীপত ১,০০০-তকৈও অধিক ভাৰতীয় সামৰিক কৰ্মী নিয়োজিত হৈ আছে আৰু তেওঁলোকে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । যোৱা বছৰ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত মুইজজুৱে ভাৰতক এই কৰ্মচাৰীসকলক প্ৰত্যাহাৰ কৰিবলৈ আনুষ্ঠানিক অনুৰোধ কৰে ।

এই উদ্দেশ্যৰে গঠন কৰা এক উচ্চ পৰ্যায়ৰ গোটৰ দুখন বৈঠকৰ পিছত সিদ্ধান্ত লোৱা হয় যে তিনিটা প্লেটফৰ্মত নিযুক্ত এই সামৰিক কৰ্মীসকলক অসামৰিক ভাৰতীয় কৰ্মচাৰীৰ দ্বাৰা সলনি কৰা হ'ব । ইয়াৰে প্ৰথম দলটো 10 মাৰ্চৰ ভিতৰত আৰু অন্তিমটো দল 10 মে'ৰ ভিতৰত পৰিৱৰ্তন কৰা হ'ব । ইয়াৰ বাবে ভাৰতীয় নাগৰিকসকলৰ প্ৰথম দলটো ফেব্ৰুৱাৰীৰ অন্তিম সপ্তাহত মালদ্বীপত উপস্থিত হয় ।

কিন্তু মুইজজুৱে এতিয়া এই নতুন দাবী কৰিছে যে 'ভাৰতীয় সৈন্য'ক আনকি অসামৰিক পোছাকতো তেওঁৰ দেশত থাকিবলৈ দিয়া নহ'ব । যাৰ ফলত নতুন দিল্লী আৰু মালেৰ মাজত ইতিমধ্যে তিক্ততাপূৰ্ণ হোৱা সম্পৰ্ক অধিক জটিল হ'বলৈ আগবাঢ়িছে ।

লগতে পঢ়ক :ইজৰাইলৰ ভূমিত নিহত ভাৰতীয়, সন্দেহৰ আঙুলি হিজবুল্লাহলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.