ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ পৰাই প্ৰতিমাহে ছাত্ৰীৰ একাউণ্টত সোমাব ধন, কিন্তু কেনেকৈ ? - Mukhya Mantri Nijut Moina Scheme

Assam Govt new scheme: 'মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি'ক অনুমোদন ৰাজ্যিক কেবিনেটৰ । কাৰ বাবে আৰু কিয় এই বিশেষ আঁচনি ? কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা ? কি আছে এই আঁচনিত ? কি কি চৰ্ত বা কোন কোন বঞ্চিত হ'ব এই আঁচনিৰ সুবিধা লাভৰ পৰা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Mukhya Mantri Nijut Moina Scheme
মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2024 at 7:43 PM IST

|

Updated : June 12, 2024 at 8:10 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী, ১২ জুন: ৰাজ্য চৰকাৰৰ অভিলাষী 'মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি'ত অনুমোদন জনালে ৰাজ্যিক কেবিনেটে । বুধবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত লোকসেৱা ভৱনত আয়োজন কৰা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ ভিতৰত অন্যতম মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি ।

মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি (TV Bharat Assam)

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি খোদ আঁচনিখনৰ সবিশেষ উল্লেখ কৰে । বাজেটত গ্ৰহণ কৰা মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ।

কাৰ বাবে আৰু কিয় মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি

এই আঁচনিখন কেৱল ছাত্রীৰ বাবে প্ৰযোজ্য । উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়নৰ বাবে ছাত্রীসকলক সকাহ দিয়াৰ বাবে এইখন আঁচনি । বাল্য বিবাহ ৰোধ কৰাৰ লগতে ছাত্রীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ বাবে চৰকাৰে এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে ।

Mukhya Mantri Nijut Moina Scheme
কিহৰ বাবে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি (ETV Bharat Assam)

কি আছে আঁচনিখনত ?

দশম শ্ৰেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্রীসকলে আঁচনিখনৰ যোগেদি মাহেকত লাভ কৰিব ১০০০ টকাকৈ । গৰমৰ বন্ধ আৰু ঠাণ্ডাৰ বন্ধৰ দুটা মাহ বাদ দি দহমাহে লাভ কৰিব এই ধন । প্ৰতি মাহৰ ১১ তাৰিখে বেংক একাউণ্ট সোমাব এই ধনৰাশি । উচ্চতৰ মাধ্যমিকৰ শিক্ষা শেষ নোহোৱালৈকে ১০০০ টকাকৈ প্ৰতিমাহে লাভ কৰিব । আনহাতে স্নাতক মহলাৰ প্ৰতিগৰাকী ছাত্রীয়ে মাহে লাভ কৰিব ১২৫০ টকা ।

Mukhya Mantri Nijut Moina Scheme
কি আছে আঁচনিখনত ? (ETV Bharat Assam)

স্নাতক মহলাৰ পাঠ্যক্ৰম তিনি নাইবা চাৰি বছৰীয়া হ'লেও ছাত্রীসকলে এই ধন লাভ কৰিব । সেইদৰে স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত অধ্যয়ন কৰা ছাত্রীয়ে মাহেকত লাভ কৰিব ২৫০০ টকা । বিএড অধ্যয়ন কৰাসকলেও লাভ কৰিব এই ধনৰাশি । কেৱল জুন আৰু জুলাই মাহত এই ধন প্ৰদান কৰা নহ'ব ।

আঁচনিখনৰ ক্ষেত্রত আছে কেতবোৰ চৰ্ত

ভাল ৰিজাল্ট কৰি স্কুটী লাভ কৰা ছাত্রীৰ ক্ষেত্রত এই আঁচনিখন প্ৰযোজ্য নহ'ব । যদি কোনো ছাত্রীয়ে স্কুটী নলৈ আঁচনিখনৰ সুবিধা ল'ব বিচাৰে তেন্তে ল'ব পাৰিব । ছাত্রীৰ নিজা পছন্দৰ ওপৰত নিৰ্ভৰ কৰিব স্কুটী ল'ব নে আঁচনিখনৰ সুবিধা ল'ব । মন্ত্রী-বিধায়ক আৰু সাংসদৰ কন্যা এই আঁচনিখনৰ হিতাধিকাৰী হ'ব নোৱাৰিব । আনহাতে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্রীয়ে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা নাপাব । ভেন্সাৰ কলেজৰ ছাত্রীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিব ।

Mukhya Mantri Nijut Moina Scheme
কেতিয়াৰ পৰা কিদৰে কাৰ্যকৰী হ'ব আঁচনিখন ? (ETV Bharat Assam)

কেতিয়াৰ পৰা কিদৰে কাৰ্যকৰী হ'ব আঁচনিখন ?

আঁচনিখনৰ সুবিধা লাভৰ বাবে পূৰণ কৰিব লাগিব প্ৰ-পত্র । জুলাই মাহৰ পৰা বিতৰণ কৰা হ'ব প্ৰ-পত্র । লগতে চৰকাৰীভাৱে ৰূপায়ণ কৰা হ'ব সজাগতামূলক কাৰ্যসূচী । ১১ অক্টোবৰত ছাত্রীসকলে লাভ কৰিব প্ৰথম মাহৰ ধন । অক্টোবৰ মাহৰ পৰা নিয়মীয়াকৈ লাভ কৰিব মাহেকীয়া এই ধনৰাশি ।

এবাৰ প্ৰ-পত্র পূৰণ কৰাসকলে দ্বিতীয়বাৰৰ বাবে প্ৰ-পত্র পূৰণ কৰিব নালাগে । প্ৰ-পত্রত পিতৃ-মাতৃৰ স্বাক্ষৰৰ প্ৰয়োজন হ'ব । আৰ্থিকভাৱে স্বচ্ছল কোনো অভিভাৱক নাইবা ছাত্রীয়ে স্ব-ইচ্ছাই আঁচনিখন গ্ৰহণ নকৰাকৈ থাকিব পাৰিব । অৱশ্যে আঁচনিখনত বি পি এল নাইবা এ পি এলৰ কথা নাই । সকলোৱে আবেদন কৰিব পাৰিব । মহাবিদ্যালয় নাইবা বিশ্ববিদ্যালয়ত প্ৰ-পত্র লাভৰ উপৰি প'ৰ্টেলৰ যোগেদিও প্ৰ-পত্র সংগ্ৰহ কৰি আবেদন কৰিব পাৰিব । ইয়াৰ বাবে এক বিশেষ প'ৰ্টেল থাকিব ।

Mukhya Mantri Nijut Moina Scheme
কোনে নাপাব আঁচনিখনৰ সুবিধা ? (ETV Bharat Assam)

কোনে নাপাব আঁচনিখনৰ সুবিধা ?

বিবাহিতসকলে লাভ নকৰিব এই আঁচনিৰ সুবিধা । কলেজত পঢ়ি থকা অৱস্থাত বিবাহ হোৱাসকল এই আঁচনিৰ পৰা বঞ্চিত হ'ব । অৱশ্যে স্নাতকোত্তৰ মহলাত অধ্যয়নৰত হৈ থকাসকলে বিবাহ পাশত আৱদ্ধ হ'লেও আঁচনিখনৰ সুবিধা লাভ কৰিব । আনহাতে ড্ৰপ আউটসকলে নাপাব ইয়াৰ সুবিধা ।

সেইদৰে ৰেগিঙত লিপ্ত হোৱা, অনিয়মীয়া, নিয়মানুৱৰ্তীতা মানি নচলা ছাত্রীসকল এই আঁচনিৰ পৰা বঞ্চিত হ'ব । প্ৰত্যেক বছৰে ৰিনিউৱেল কৰা হ'ব আৰু ইয়াৰ দ্বাৰা সেইসকলক আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব । আনহাতে অনুত্তীৰ্ণ ছাত্রীও এই আঁচনিৰ পৰা বঞ্চিত হ'ব ।

Mukhya Mantri Nijut Moina Scheme
আঁচনিখনত চৰকাৰৰ ব্যয় (ETV Bharat Assam)

আঁচনিখনত চৰকাৰৰ ব্যয়

এই বছৰ আঁচনিখনৰ বাবে চৰকাৰৰ ব্যয় হ'ব ৩০০ কোটি টকা । সেইদৰে এই বছৰ দুই লাখ ছাত্রী আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব । পাঁচ বছৰত আঁচনিখনৰ যোগেদি উপকৃত হ'ব ১০ লাখ ছাত্রী । পাঁচ বছৰৰ বাবে কেবিনেটে অনুমোদন জনোৱা আঁচনিখনৰ বাবে চৰকাৰৰ মুঠ ব্যয় হ'ব ১৫০০ কোটি টকা । এই আঁচনিখনৰ যোগেদি ছাত্রীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি পাব আৰু ড্ৰপ আউটৰ হাৰ কমিব ।

Mukhya Mantri Nijut Moina Scheme
এইবাৰো প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্রীসকলে লাভ কৰিব স্কুটী (ETV Bharat Assam)

এইবাৰো প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্রীসকলে লাভ কৰিব স্কুটী

এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকত ৭৫ শত‍াংশ আৰু ততোধিক নম্বৰ লাভ কৰা ছাত্রীসকলক স্কুটী দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল । কিন্তু এইবছৰ ৬০ শত‍াংশ আৰু ততোধিক নম্বৰ পাভ কৰা ছাত্রীসকলক স্কুটী দিয়া হ'ব । অহা বছৰৰ পৰা সলনি হ'ব নিয়ম । এইবাৰ ৫০ হাজাৰ ছাত্রীয়ে লাভ কৰিব স্কুটী । উল্লেখ্য যে স্কুটী দিয়া বাবে এইবাৰ ৪০ হাজাৰ ছাত্রী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।

লগতে পঢ়ক: প্ৰসংগ- মন্ত্ৰিত্ব ! ২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি অচিৰেই সলনি হ’ব হিমন্ত বিশ্বৰ ব্ৰিগেড; কাৰ কাৰ ফুলিব কপাল ? - Lok Sabha Election Results 2024

Last Updated : June 12, 2024 at 8:10 PM IST