ETV Bharat / international

ইজৰাইলৰ ভূমিত নিহত ভাৰতীয়, সন্দেহৰ আঙুলি হিজবুল্লাহলৈ

author img

By PTI

Published : Mar 5, 2024, 8:20 AM IST

Hezbollah On Israel Hamas War : ইজৰাইলৰ উত্তৰ সীমান্তৱৰ্তী মাৰ্গালিঅ’টৰ সমীপৰ এখন ফলৰ বাগিচাত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ নিক্ষেপ লেবানন দিশৰ পৰা ৷ এই ঘটনাত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয় । আটাইকেইজন ভাৰতীয় নাগৰিক ৷ সোমবাৰে সংঘটিত হয় এই ঘটনা ৷

One Indian killed, another two injured in anti-tank missile attack in Israel's north
ইজৰাইলৰ ভূমিত নিহত ভাৰতীয়, সন্দেহত আঙুলি হিজবুল্লাহলৈ

ইণ্টাৰনেশ্যনেল ডেস্ক, 5 মাৰ্চ: ইজৰাইলৰ উত্তৰ দিশত মৃত্যু ঘটিল এগৰাকী ভাৰতীয়ৰ ৷ টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ আক্ৰমণত এগৰাকী ভাৰতীয় নিহত হোৱাৰ লগতে আন দুজন আহত হয় বুলি জানিব পৰা গৈছে ৷

সোমবাৰে লেবানন দিশৰ পৰা নিক্ষেপ কৰা টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰই ইজৰাইলৰ উত্তৰ সীমান্তৱৰ্তী মাৰ্গালিঅ’টৰ সমীপৰ এখন ফলৰ বাগিচাত আঘাত কৰাৰ ফলত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে আন দুজন আহত হয় । তিনিওজন ভুক্তভোগী দাক্ষিণাত্যৰ কেৰালাৰ বুলি জানিব পৰা গৈছে ।

উদ্ধাৰ অভিযানৰ মুখপাত্ৰ মেগেন ডেভিদ আডম (এমডিএ) জাকি হেলাৰে পিটিআইক জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় 11 বজাত ইজৰাইলৰ উত্তৰ অঞ্চলৰ মোশ্বাভ (সামূহিক কৃষি সম্প্ৰদায়) মাৰ্গালিঅ’টৰ এখন বাগিচাত ক্ষেপণাস্ত্ৰই আঘাত কৰে । এই আক্ৰমণত নিহত ভাৰতীয়জন কেৰালাৰ কোল্লামৰ পাটনিবিন মেক্সৱেল । চৰকাৰী সূত্ৰই জনোৱা মতে, জিভ হাস্পতালত তেওঁৰ মৃতদেহটো লৈ যোৱা হৈছে । আহত বুছ জোচেফ জৰ্জ আৰু পল মেলভিনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি তেওঁলোকে জনায় ।

পিটিআইক এক চৰকাৰী সূত্ৰই জনায়, "জৰ্জক মুখ আৰু শৰীৰত আঘাত পোৱাৰ পিছত পেটাহ টিকভাৰ বেইলিনছন হাস্পতাললৈ যোৱা হয় । তেওঁৰ অপাৰেচন কৰা হৈছে, সুস্থ হৈ উঠিছে, আৰু তেওঁক নিৰীক্ষণত ৰখা হৈছে । ভাৰতত তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে ।"

মেলভিন সামান্য আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁক ইজৰাইলৰ উত্তৰ দিশৰ ছাফেদ চহৰৰ জিভ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । তেওঁৰ ঘৰ কেৰালাৰ ইডুক্কি জিলাত । ইয়াৰ পূৰ্বে এম ডি এয়ে কয় যে এই আক্ৰমণত এজন বিদেশী শ্ৰমিক নিহত হোৱাৰ লগতে আন 7 জন আহত হৈছে । গাজা ষ্ট্ৰীপত চলি থকা যুদ্ধৰ মাজতে হামাছৰ সমৰ্থনত 8 অক্টোবৰৰ পৰা প্ৰতিদিনে উত্তৰ ইজৰাইললৈ ৰকেট, মিছাইল, ড্ৰ’ন নিক্ষেপ কৰি অহা লেবাননৰ শ্বিয়া হিজবুল্লাহ ফৈদে এই আক্ৰমণ সংঘটিত কৰা বুলি অনুমান কৰা হৈছে ।

এম ডি এয়ে জনায়, "এই আক্ৰমণত মুঠ সাতজন বিদেশী শ্ৰমিক আহত হয়, ইয়াৰে দুজন গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোকক এম্বুলেন্স আৰু ইজৰাইল বায়ুসেনাৰ হেলিকপ্টাৰেৰে বেইলিনছন, ৰামবাম, আৰু জিভ চিকিৎসালয়লৈ লৈ যোৱা হয় ।"

আইডিএফে লগতে কয়, "লেবাননৰ দক্ষিণৰ চিহিনে চহৰত গোটটোৰ সদস্যসকল গোট খোৱা হিজবুল্লাহৰ এটা চৌহদ আৰু আয়তা এছ-ছাবৰ হিজবুল্লাহৰ আন এটা স্থানত আঘাত হানে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

হিজবুল্লাই 8 অক্টোবৰৰ পৰা ইজৰাইলৰ উত্তৰ এলেকা আৰু সামৰিক চকীসমূহত আক্ৰমণ চলাই আহিছে ৷ গাজাক সমৰ্থন কৰিবলৈ এই আক্ৰমণ চলাইছে বুলি জানিব পৰা গৈছে ।

ইজৰাইল আৰু হিজবুল্লাহৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ইজৰাইল পক্ষৰ 7 জন সাধাৰণ নাগৰিক আৰু 10 জন আইডিএফ জোৱানৰ মৃত্যু হৈছে । শেহতীয়াকৈ ফ্লেয়াৰ আপৰ সময়ত ইজৰাইলে হত্যা কৰা 229 জন সদস্যৰ নাম হিজবুল্লাই উল্লেখ কৰিছে । হিজবুল্লাহ পক্ষৰ অধিকাংশ লোকৰ মৃত্যু লেবাননত হৈছে যদিও কিছু পৰিমাণে ছিৰিয়াও প্ৰভাৱিত হৈছে ।

8 অক্টোবৰৰ পৰা অন্যান্য গোটৰ আন 37 জন অপাৰেটিভ, এজন লেবাননৰ সৈনিক আৰু কমেও 30 জন সাধাৰণ নাগৰিকো নিহত হৈছে ।

লগতে পঢ়ক: আমেৰিকাৰ এম কিউ-9 ড্ৰ’নক আক্ৰমণ হুথি বিদ্ৰোহী গোটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.