ETV Bharat / bharat

পৰিয়ালৰ সৈতে পালন কৰক আজিৰ দিনটো... - International Day Of Families

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:04 AM IST

International Day Of Families : আজি আন্তৰ্জাতিক পৰিয়াল দিৱস ৷ পৰিয়াল আৰু সমাজৰ আমাৰ জীৱনত থকা গুৰুত্বক সন্মান জনোৱাৰ বাবে পালন কৰা হয় আজিৰ দিনটো ৷ আপুনি যদি পৰিয়ালৰ পৰা পৰা দূৰত থাকে তেনেহ’লে আজি পৰিয়ালক সময় দিয়ক ৷

International Day Of Families
পৰিয়ালৰ সৈতে পালন কৰক আজিৰ দিনটো... (Etv Bharat assam)

মানুহ সামাজিক প্ৰাণী ৷ আদিম যুগৰে পৰা মানুহে সমাজ পাতি বসবাস কৰি আহিছে ৷ প্ৰত্যেক লোকৰে নিজা নিজা পৰিয়াল আছে ৷ বিশ্বজুৰি প্ৰতি বছৰে 15 মে'ত আন্তৰ্জাতিক পৰিয়াল দিৱস উদযাপন কৰি অহা হৈছে ৷ আমাৰ জীৱনত পৰিয়াল আৰু সমাজৰ গুৰুত্বক সন্মান জনোৱাৰ বাবে আন্তৰ্জাতিক পৰিয়াল দিৱস পালন কৰা হয় ৷ 'পৰিয়াল' হৈছে প্ৰতিজন ব্যক্তিৰ জীৱনৰ এক অপৰিহাৰ্য অংশ, সেয়া শিশুৱে হওক বা প্ৰাপ্তবয়স্কেই হওক । পৰিয়াল হৈছে এক ভেঁটি যাৰ ওপৰত আমি আমাৰ গোটেই জীৱনৰ কাঠামো নিৰ্মাণ কৰো । আমি ভাগ্যৱান যে, আমাক পৰিয়ালে প্ৰতিটো সুখ-দুখৰ মুহূৰ্তত লগ দিয়ে আমাৰ সমৰ্থনত মাত মাতে, ভুলবোৰ দেখুৱাই দিয়ে, এক কথাত ক’বলৈ এগৰাকী শ্ৰেষ্ঠ মানুহ হ’বলৈ আমাক পৰিয়ালে শিক্ষা দিয়ে ৷

আন্তৰ্জাতিক পৰিয়াল দিৱসৰ ইতিহাস : 1983 চনত, ইউৰোপীয় অৰ্থনৈতিক আৰু সামাজিক পৰিষদ আৰু সামাজিক উন্নয়ন আয়োগে ৰাষ্ট্ৰসংঘক পাৰিবাৰিক বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল । ৰাষ্ট্ৰসংঘই স্বীকাৰ কৰিছিল যে পৰিৱৰ্তনশীল অৰ্থনৈতিক আৰু সামাজিক দৃশ্যপটে সমগ্ৰ বিশ্বৰ পাৰিবাৰিক দিশৰ ওপৰত প্ৰভাৱ পেলাইছে । তাৰ পিচৰে পৰাই 1993 চনত, ৰাষ্ট্ৰসংঘই 15 মে'ক আন্তৰ্জাতিক পৰিয়াল দিৱস হিচাপে নিৰ্ধাৰণ কৰে। ।

আন্তৰ্জাতিক পৰিয়াল দিৱস 2024 ৰ বিষয়বস্তু:

জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অনা বৰ্ধিত প্ৰদূষণে পৰিয়ালৰ স্বাস্থ্য আৰু কল্যাণৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাইছে । ইয়াৰ উপৰিও, জলবায়ু পৰিৱৰ্তনৰ ফলত ধুমুহা, খৰাং আৰু বানপানীৰ দৰে অত্যধিক ঘটনাই প্ৰায়ে লোকসকলক স্থানান্তৰিত হ'বলৈ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ উপায় সলনি কৰিবলৈ বাধ্য কৰোৱা হয় ৷

জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষি আৰু মীন পালনৰ দৰে ক্ষেত্ৰখনত অৰ্থনৈতিক ব্যাঘাতৰ সৃষ্টি কৰে ৷ সেয়েহে আমি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু এই পৰিৱেশৰ লগত খাপ খোৱাটো অতি কঠিন আৰু ব্যয়বহুল হয় । আমি বাস কৰা জলবায়ু আমাৰ বাবে উপযোগী কৰিবলৈ আমি শিক্ষা, জীৱন ধাৰণৰ প্ৰণালী, সজাগতাৰ জৰিয়তে পৰিয়ালসমূহক শক্তিশালী কৰাটো আৱশ্যকীয় ৷ প্ৰজন্মৰ পিচত প্ৰজন্মৰ পৰিয়ালৰ মূল্যবোধ অক্ষুন্ন ৰাখিবলৈ এগৰাকী লোকক সৰুৰে পৰা বহনক্ষম অনুশীলন আৰু জলবায়ু সজাগতা সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ । এগৰাকী শিশুৰ শৈশৱৰ প্ৰাৰম্ভিক শিক্ষাত অৰ্থনীতিৰ নীতি অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷ আমি দৈনন্দিন জীৱনত সামগ্ৰীৰ অপচয় নকৰি উপলব্ধ প্ৰাকৃতিক সম্পদসমূহ পুনৰ ব্যৱহাৰ কৰি বহনক্ষম অৰ্থনীতি গঢ়ি তুলিব পাৰো ।

পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক শক্তিশালী কৰা আৰু যিমান পাৰে সময় অতিবাহিত কৰক :

আপোনাৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক: আমি সাধাৰণতে আমাৰ কৰ্মব্যস্ততা অথবা ভিন্ন কাৰণত পৰিয়ালৰ লোকক উপেক্ষা কৰো । কিন্তু তাৰ মাজতো আমি পৰিয়ালৰ লোকক সময় উলিয়াই কথা পতাৰ লগতে সময় পাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ পৰিয়ালক প্ৰথম স্থান দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ ।

পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰাখক: পৰিয়ালৰ সৈতে কথা পাতক, কথা শ্বেয়াৰ কৰক ৷ সেয়া লাগিলে কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে হওক বা আপোনাৰ দৈনন্দিন বিষয়ৰ বিষয়ে হওক। আপোনাৰ নিকটতম লোকৰ সৈতে, আপোনাৰ চিন্তাধাৰা, অনুভৱ আৰু সকলো দুখ-সুখৰ কথা খুলি কওক ৷ পৰিয়ালৰ সমৰ্থনে আপোনাৰ স্বাস্থ্যৰ লগতে তেওঁলোকৰ সৈতে সম্পৰ্ক ভালে ৰখাত সহায় কৰে ।

পৰিয়ালৰ সৈতে নতুন কাৰ্য-কলাপ চেষ্টা কৰক: পৰিয়ালৰ সৈতে নতুন নতুন কাম শিকক অথবা নতুন কোনো কাম আৰম্ভ আৰম্ভ কৰক ৷ যেনে নতুন ব্যঞ্জন ৰন্ধা, নতুন ৰেচিপি চেষ্টা কৰা, ই আপোনাক পৰিয়ালৰ সৈতে পৰিয়ালৰ সৈতে সময় পাৰ কৰাৰ সুবিধা দিয়াৰ লগতে লগতে সম্পৰ্ক মজবুত কৰে ৷

পৰিয়ালৰ সৈতে একেলগে হাঁহক: আমি পৰিয়ালৰ সৈতে প্ৰায়ভাগ সময় ঘৰত কটাও ৷ গতিকে যেতিয়া পৰিয়ালৰ সৈতে থাকে তেতিয়া কথা পাতক, হাঁহক, সুস্বাদু খাদ্য খাওক ৷

লগতে পঢ়ক: বিজ্ঞাপন দেখি ভোল নাযাব; এনেবোৰ খাদ্যই আপোনাৰ শিশুটিৰ বাবে মাতিব পাৰে বিপদ ! - HOMEMADE CERELAC FOR BABY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.