ETV Bharat / bharat

অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত দিল্লী ৰেলীত INDIA ব্লকৰ ঐক্য প্ৰদৰ্শন - INDIA Bloc Delhi Rally

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 9:42 PM IST

INDIA BLOC DELHI RALLY
দিল্লী ৰেলীত INDIA ব্লকৰ ঐক্য প্ৰদৰ্শন

INDIA BLOC DELHI RALLY : দিল্লী ৰেলীত বিৰোধীৰ শক্তি প্ৰদৰ্শন ৷ তেওঁলোকে ভোটাৰসকলক দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷

নিউজ ডেস্ক, 31 মাৰ্চ : দিল্লীৰ ৰামলীলা ময়দানত দেওবাৰে INDIA ব্লকৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যায় উপায়েৰে পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচনক “ঠিক” কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি বিৰোধী ঐক্য প্ৰদৰ্শন কৰে ৷ তেওঁলোকে ভোটাৰসকলক দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷

INDIA ব্লকৰ নেতাসকলে শেহতীয়াকৈ দিল্লীত আপৰ অৰবিন্দ কেজৰিৱাল আৰু জে এম এমৰ হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ঠিক পূৰ্বে কংগ্ৰেছ দলৰ বেংক একাউণ্ট বন্ধ কৰাৰ ঘটনাৰ সৈতে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচন তৈয়াৰ কৰাৰ কথিত প্ৰয়াসৰ সৈতে সম্পৰ্কিত কৰে ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়- "প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচন ঠিক (Fix) কৰিবলৈ চেষ্টা কৰিছে ৷ দুজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা, আমাৰ বেংক একাউণ্ট ছীল কৰা, দুজন নিৰ্বাচন আয়ুক্ত নিযুক্তি আৰু ন্যায়পালিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা ইয়াৰ প্ৰবল সূচক ৷"

তেওঁ কয়- "প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে যে এইবাৰ বিজেপিয়ে 400/543 খন আসন অতিক্ৰম কৰিব ৷ কিন্তু নিৰ্বাচনত ৰিগিং নকৰাকৈ 180 খন আসনো অতিক্ৰম নকৰে ৷ সংবিধান সলনি কৰিব বিচৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু দুই এজন ধনী ব্যক্তিয়ে মেচ ফিক্সিং কৰি আছে ৷ আপোনাৰ ভোটৰ জৰিয়তে সংবিধান ৰক্ষা কৰিব পাৰিব ৷" যদিও শেহতীয়াকৈ বিৰোধী মিত্ৰজোঁটে আসন ভাগ-বতৰাক লৈ কিছু সমস্যাৰ সন্মুখীন হৈছে, দেওবাৰৰ এই সমাৱেশত নেতাসকলৰ সঁহাৰিজনক মন্তব্য দেখা গৈছিল ৷

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই কয়- "আমি পঞ্জাৱত আপৰ সৈতে যুঁজ দিওঁ কিন্তু সংবিধান ৰক্ষা কৰিবলৈ আমি সকলোৱে একত্ৰিত হৈ আছো ৷" কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি টি এম চিৰ ডেৰ্ক অ’ব্ৰাইনে কয় যে "আমি INDIA ব্লকৰ অংশ আছিলো, আছো আৰু হৈ থাকিম ৷" দিল্লী, গুজৰাট, গোৱা আৰু হাৰিয়ানাত আপৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা আছে যদিও পঞ্জাৱত নাই ৷ পশ্চিম বংগত টি এম চিৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ সম্ভাৱনা নাই ৷

বিহাৰত কংগ্ৰেছৰ মিত্ৰ দল আৰ জে ডিৰ তেজস্বী যাদৱ আৰু উত্তৰ প্ৰদেশৰ এছ পিৰ অখিলেশ যাদৱেও একেধৰণৰ মতামত প্ৰকাশ কৰি বিজেপিৰ 400 আসনৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি কয়- “সমগ্ৰ দেশতে বিজেপিৰ বিৰুদ্ধে এক প্ৰবল আণ্ডাৰকাৰেণ্ট আছে ৷”

তেজস্বী যাদৱে কয়- "যদি বিজেপি জয়ী হোৱাৰ ইমান আত্মবিশ্বাসী আছে, তেন্তে নিৰ্বাচনৰ ঠিক আগতেই দুজন বিৰোধী মুখ্যমন্ত্ৰীক জেলত ভৰোৱাৰ কি প্ৰয়োজন আছিল ৷ কংগ্ৰেছৰ বেংক একাউণ্ট ব্লক কিয় ৷ আপোনালোকে যিকোনো চেষ্টা কৰিব পাৰে কিন্তু আমি জেললৈ যাবলৈ ভয় নকৰো ৷ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবে আমি মাত মাতি যাম ৷"

2014 চনত বিজেপিৰ ইউ পি ছুইপৰ কথা উল্লেখ কৰি অখিলেশ যাদৱে কয়, "আচলতে এইবাৰ তেওঁলোকে 400 খন আসন হেৰুৱাব ৷ ৰাজ্যৰ জনসাধাৰণে এক বৃহৎ আদৰণি জনোৱাৰ লগতে এক বৃহৎ বিদায়ো দিয়া বুলি জনা যায় ৷ এইবাৰ কেৱল উত্তৰ প্ৰদেশতে নহয় সমগ্ৰ দেশতে বিজেপি পৰাজিত হ’ব ৷” উল্লেখ্য যে, বিহাৰ আৰু উত্তৰ প্ৰদেশ দুয়োখন ৰাজ্যই 120 জন সদস্যক লোকসভালৈ প্ৰেৰণ কৰে আৰু INDIA ব্লকে বৃহৎ ৰাজ্য দুখনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে ৷

মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ মিত্ৰ এন চি পি এছ পি গোটৰ মুৰব্বী শাৰদ পাৱাৰ আৰু শিৱসেনা ইউ বি টি নেতা উদ্ধৱ থাকৰেও ভোটাৰসকলক “বিজেপিক পৰাস্ত কৰি দেশৰ গণতন্ত্ৰ বচাবলৈ” আহ্বান জনায় ৷ চি পি আই-এমৰ সীতাৰাম য়েচুৰীয়ে জনসাধাৰণৰ মাজত 1974 চনৰ জে পি আন্দোলনৰ ধৰণৰ সংগঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে চি পি আই-এম এলৰ দীপাংকৰ ভট্টাচাৰ্যই “বিজেপিত ক্ষমতাৰ কেন্দ্ৰীকৰণ”ক লৈ উদ্বেগ প্ৰকাশ কৰে ৷

ডি এম কেৰ তিৰুচি শিবাই বিৰোধী ব্লকক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ বাৰ্তা পাঠ কৰে ৷ "নিৰ্বাচনৰ ঠিক আগতে বিৰোধী নেতাসকলক জেলত ভৰাই দিয়াটোৱে নিৰ্বাচনত ঠগবাজী কৰাৰ প্ৰচেষ্টা দেখুৱাইছে ৷ জম্মু আৰু কাশ্মীৰৰ নেতাসকলৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছিল ৷ এইখনেই আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ আৰু আমি ইয়াত সংবিধান ৰক্ষা কৰিবলৈ আহিছো ৷" - এই মন্তব্য বিজেপিৰ প্ৰাক্তন মিত্ৰ পি ডি পিৰ মুৰব্বী মেহবুবা মুফতিৰ ৷

3 মাৰ্চত পাটনা আৰু 17 মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা ৰেলীৰ পিচত দিল্লী ৰেলী আছিল বিৰোধী ব্লকৰ তৃতীয়টো শক্তি প্ৰদৰ্শন ৷

লগতে পঢ়ক : দিল্লীত বিৰোধীৰ লোকতন্ত্ৰ বচাও ৰেলী, কোন কোন থাকিব উপস্থিত ? - INDIA Bloc Mega Rally

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.