ETV Bharat / bharat

দিল্লীত বিৰোধীৰ লোকতন্ত্ৰ বচাও ৰেলী, কোন কোন থাকিব উপস্থিত ? - INDIA bloc mega rally

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 12:01 PM IST

INDIA bloc mega rally
দিল্লীত বিৰোধীৰ লোকতন্ত্ৰ বচাও ৰেলী

INDIA bloc mega rally: পূৰ্বে ঘোষণা কৰা অনুসৰি দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত ইণ্ডিয়া ব্লকৰ বৃহৎ ৰেলী । কেজৰিৱাল তথা বিৰোধী নেতাক গ্ৰেপ্তাৰ আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধীৰ এই ৰেলী । কংগ্ৰেছকে ধৰি ইণ্ডিয়া ব্লকৰ আন দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে ৰামলীলা ময়দানত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ই 'লোকতন্ত্ৰ বচাও' শীৰ্ষক ৰেলীৰ আয়োজন কৰিছে । য'ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ আৰু ইণ্ডিয়া ব্লকৰ নেতাসকলে একত্ৰিয় হৈ যুঁজ পুনৰ আৰম্ভ কৰিব বুলি আশা কৰা হৈছে । কংগ্ৰেছে কৈছে যে এই ৰেলীটোৱে প্ৰধানমন্ত্ৰীৰ বাসগৃহ থকা লোক কল্যাণ মাৰ্গৰ কেন্দ্ৰলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে যুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে ইণ্ডিয়া ব্লকক শেহতীয়াকৈ অধিক শক্তিশালী ৰূপত দেখা গৈছে । ৰেলীৰ অন্যতম মুখ্য আকৰ্ষণ হ'ব কেজৰিৱালৰ পত্নী সুনীতা আৰু হেমন্ত চোৰেনৰ পত্নী কল্পনা চোৰেন । দুয়োগৰাকীয়ে শুকুৰবাৰে সাক্ষাৎ কৰিছে আৰু তেওঁলোকে যুঁজখন একেলগে আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লৈছে ।

আনহাতে বিৰোধীসকল একত্ৰিত হৈ শক্তি প্ৰদৰ্শনৰ জৰিয়তে কেন্দ্ৰলৈ উচিত বাৰ্তা প্ৰেৰণ কৰাও এই 'লোকতন্ত্ৰ বচাও' ৰেলীৰ উদ্দেশ্য । উল্লেখ্য যে ২১ মাৰ্চত ইডিয়ে সুৰা নীতি কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল । এনে পৰিস্থিতিত এই ৰেলীয়ে বিৰোধীৰ ঐক্য প্ৰদৰ্শন কৰাৰো এক সুযোগ হ'ব ।

পাঞ্জাবৰ আম আদমি পাৰ্টীয়ে ৰেলীত সহযোগ কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে । দলৰ নেতা আৰু কৰ্মীসকলক সৰু সৰু গ্ৰুপত দিল্লীলৈ ৰাওনা হ'বলৈ কৈছে । বিজেপি শাসিত হাৰিয়ানা চৰকাৰে তেওঁলোকক সীমান্ত অতিক্ৰম কৰিবলৈ নিদিব বুলি আশংকা কৰিয়ে দলবোৰক বেলেগ বেলেগ বাহনত অহাৰ পৰামৰ্শ দিছে ।

পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ২৯ মাৰ্চত দলৰ বিধায়ক আৰু নেতাসকলক তেওঁলোকৰ নিজ নিজ সমষ্টিৰ পৰা ২,০০০ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কৈছিল । এই মেগা ৰেলীত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু অখিলেশ যাদৱকে ধৰি বিৰোধী ইণ্ডিয়া ব্লকৰ গুৰুত্বপূৰ্ণ নেতাসকলৰ উপস্থিতি দেখা যাব বুলি আশা কৰা হৈছে ।

এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, শিৱসেনা (ইউবিটি)ৰ মুৰব্বী উদ্ধৱ ঠাকৰে, জ্যেষ্ঠ আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱো ৰেলীত উপস্থিত থকাৰ সম্ভাৱনা আছে । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেন, নেশ্যনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লা, পিডিপিৰ মুৰব্বী মেহবুবা মুফতি আৰু ডিএমকেৰ তিৰুচি শিৱও ৰেলীত উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

ইফালে তৃণমূল কংগ্ৰেছেও ইংগিত দিছে যে তেওঁলোকে এজন প্ৰতিনিধি প্ৰেৰণ কৰিব । দলটোৰ নেতা ডেৰেক অ'ব্ৰায়েন আৰু চিপিএমৰ সীতাৰাম য়েচুৰীকে ধৰি বাওঁপন্থী দলসমূহৰ প্ৰতিনিধিসকলেও ৰেলীত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :৩১ মাৰ্চত বৃহৎ ৰেলী, ঘৰে ঘৰে গৈ ৰাইজক নিমন্ত্ৰণ আপৰ - INDIA Mega Rally

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.