ETV Bharat / bharat

ভাৰতীয় মূলৰ মৰিচিয়ানৰ বাবে ভাৰতৰ অ'চিআই কাৰ্ডত অনুমোদন; ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

author img

By ANI

Published : Mar 12, 2024, 8:25 AM IST

Updated : Mar 12, 2024, 9:26 AM IST

ভাৰতীয় মূলৰ মৰিচিয়ানৰ বাবে ভৰতৰ অ'চিআই কাৰ্ডত অনুমোদন; ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
ভাৰতীয় মূলৰ মৰিচিয়ানৰ বাবে ভৰতৰ অ'চিআই কাৰ্ডত অনুমোদন; ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

President Droupadi Murmu : ৰাষ্ট্ৰপতিয়ে মৰিচাছক প্ৰদান কৰা ভাৰতৰ সহায়ক উন্নয়নমূলক প্ৰকল্পসমূহৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে এই প্ৰকল্পসমূহ মৰিচাছলৈ ভাৰতৰ সমৰ্থনৰ এক প্ৰমাণ ।

নিউজ ডেস্ক, ১২ মাৰ্চ : এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত ভাৰতে মৰিচাছত ভাৰতীয় মূলৰ সপ্তম প্ৰজন্মৰ লোকসকলক বিদেশী নাগৰিকত্ব (অ'চিআই) কাৰ্ড প্ৰদানৰ এক বিশেষ ব্যৱস্থাত অনুমোদন জনাইছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে সোমবাৰে এই কথা ঘোষণা কৰে । এই সিদ্ধান্তই ভাৰতীয় মূলৰ কনিষ্ঠ মৰিচিয়ানসকলক ভাৰতৰ বিদেশী নাগৰিক হ'বলৈ আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ অনুমতি দিব ।

"মই পূৰ্বতে উল্লেখ কৰা 'খুন কা ৰিস্তা'ৰ সন্দৰ্ভত আপোনালোক সকলোকে অৱগত কৰিবলৈ পাই অত্যন্ত আনন্দিত যে আমাৰ চৰকাৰে শেহতীয়াভাৱে এক বিশেষ ব্যৱস্থা অনুমোদন কৰিছে । ইয়াৰ অধীনত ভাৰতীয় মূলৰ সপ্তম প্ৰজন্মৰ মৰিচিয়ানসকলেও ভাৰতীয় বিদেশী নাগৰিক কাৰ্ডৰ (অ'চিআই) বাবে যোগ্য হ'ব ।

ইয়াৰ ফলত ভাৰতীয় মূলৰ বহু তৰুণ মৰিচিয়ান ভাৰতৰ বিদেশী নাগৰিক হ'ব আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰিব ।" দেশখনৰ ৰাজধানী পোৰ্ট লুইচত মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত ৰাষ্ট্ৰপতি মুৰ্মূৱে কয় । ৰাষ্ট্ৰপতিয়ে মৰিচাছক প্ৰদান কৰা ভাৰতৰ সহায়ক উন্নয়নমূলক প্ৰকল্পসমূহৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে এই প্ৰকল্পসমূহ মৰিচাছলৈ ভাৰতৰ সমৰ্থনৰ এক প্ৰমাণ ।

"আজিলৈকে আমি দেশবোৰৰ সৈতে ভাল আৰু বেয়া সময়ৰ মাজেৰে কান্ধত কান্ধ মিলাই থিয় হৈ আছো । বিগত কেইটামান দশকত আমাৰ সম্পৰ্ক শক্তিশালী হৈ উঠিছে, সেয়া ভাৰত মহাসাগৰক একেলগে সুৰক্ষিত কৰাই হওক বা মহামাৰীৰ সময়ত আমাৰ ক’ভিড ভেকছিন ভাগ-বতৰা কৰা হওক; নাইবা সেয়া বিভিন্ন ক্ষেত্ৰত আমাৰ সামৰ্থ বৃদ্ধি কৰা, আমাৰ অৰ্থনীতি আৰু আমাৰ লোকসকলক সংযোগ কৰা বা বিশ্বজনীন মঞ্চত ইজনে সিজনক সমৰ্থন কৰাই হওক ।" তেওঁ কয় ।

"মেট্ৰ' প্ৰকল্প, নতুন ইএমটি চিকিৎসালয়, উচ্চতম ন্যায়ালয়ৰ নতুন ভৱন, নতুন সৌৰ শক্তি প্ৰকল্প আৰু আন বহুতো ভাৰত-সহায়ক উন্নয়ন প্ৰকল্প হৈছে সকলো মৰিচিয়ানৰ কল্যাণত সহায় কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ দৃশ্যমান প্ৰতীক । যোৱা জানুৱাৰী মাহত ইন্দোৰত অনুষ্ঠিত ভাৰতৰ অভিলাষী প্ৰবাসী অনুষ্ঠান প্ৰৱাসী ভাৰতীয় দিৱসত এক বৃহৎসংখ্যক মৰিচিয়ান প্ৰতিনিধি দলৰ অংশগ্ৰহণ আৰু আমাৰ জি-২০ সভাপতিত্বকালত মৰিচাছৰ অংশগ্ৰহণ ইয়াৰ এক প্ৰমাণ ।" তেওঁ লগতে কয় ।

তেওঁ লগতে শেহতীয়াকৈ মৰিচাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা মুখ্য প্ৰকল্পসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : চৰকাৰী ভ্ৰমণসূচীৰে আহমেদাবাদত উপস্থিত নিউজীলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী

Last Updated :Mar 12, 2024, 9:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.