ETV Bharat / bharat

মেঘালয় তথা উঃপূবৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্রধান হিচাপে নিযুক্তি ইদাশীষা নংৰাঙক - First woman DGP of Meghalaya

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 7:33 AM IST

Idashisha Nongrang Appointed As New Meghalaya DGP : উত্তৰ-পূৰ্বাঞ্চলৰ লগতে মেঘালয়ৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি ইদাশীষা নংৰাঙক ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই শুভেচ্ছা জনায় নংৰাঙক ৷

IPS officer Nongrang becomes Meghalayas first woman police chief
আই পি এছ বিষয়া ইদাশীষা নংৰাং (TWITTER)

তেজপুৰ, 12 মে’ : জ্যেষ্ঠ আই পি এছ বিষয়া ইদাশীষা নংৰাঙক মেঘালয়ৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে । 19 মে’ত অৱসৰ ল’বলগীয়া এল আৰ বিষ্ণৈয়ৰ ঠাইত নোংৰাঙক নিযুক্তি প্ৰদান কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

IPS officer Nongrang becomes Meghalayas first woman police chief
নিযুক্তি সন্দৰ্ভত চৰকাৰী অধিসূচনা (TWITTER)

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ইদাশীষা নংৰাঙক নিযুক্তি দিয়া হৈছে । এই নিযুক্তি লাভ কৰাৰ পাচতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই নোংৰাঙক X যোগে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ চাংমাই কয়, "এই নিযুক্তি পোৱাৰ বাবে ইদাশীষা নোংৰাঙক আন্তৰিক অভিনন্দন জনোৱা হৈছে । বহু বাধা-প্ৰত্যাহ্বান নেওচি ইতিহাস ৰচনা কৰা নোংৰাং এই পদত অধিষ্ঠিত হোৱা আমাৰ ৰাজ্যৰ প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে পৰিগণিত হয় ৷ আমাৰ সকলোৰে বাবে এক ই এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত ।’’

বৰ্তমান নোংৰাং মেঘালয়ৰ চিভিল ডিফেঞ্চৰ সঞ্চালক প্ৰধান হিচাবে কৰ্ত্যবৰত । 1992 চনৰ বেটচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নোংৰাং ৰাজ্যখনৰ তিনিটা প্ৰধান জনগোষ্ঠীৰ ভিতৰত অন্যতম খাচী সম্প্ৰদায়ৰ । বৰ্তমান মেঘালয় অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা নোংৰাং ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৷ যিয়ে আৰক্ষী সঞ্চালক প্ৰধান পদ লাভ কৰিছে । তেওঁ 2021 চনত ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

এটা চৰকাৰী অধিসূচনাত কোৱা হৈছে যে মেঘালয়ৰ ৰাজ্যপালে ইদাশীষা নোংৰাঙক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দি আনন্দিত হৈছে ৷ নোংৰাঙৰ কাৰ্যকাল 2024 চনৰ 20 মে'ৰ পৰা আৰম্ভ হৈ 2026 চনৰ 19 ​​মে’ পৰ্যন্ত এই পদত অধিষ্ঠিত হৈ থাকিব ৷

কেন্দ্ৰীয় লোকসেৱা আয়োগে সীমান্ত সুৰক্ষা বাহিনীৰ এডিজি ৰাম প্ৰসাদ মীনাৰ উপৰিও নোংৰাঙৰ নামৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ তিনিটা বৃহৎ ৰাজনৈতিক দলে নোংৰাং স্থানীয় জনজাতীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত ৰাজ্যখনৰ বিভিন্ন জটিল দিশ ভালদৰে বুজিব বুলি উল্লেখ কৰি এই পদত নিযুক্তিৰ বাবে দাবী তুলিছিল ।

লগতে পঢ়ক : মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু সাংসদ আগাথাৰ ভোটদান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.