মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু সাংসদ আগাথাৰ ভোটদান - Lok Sabha Election 2024
Lok Sabha Election 2024: মেঘালয়ত একক পৰ্যায়ৰ লোকসভা নিৰ্বাচন । ভোটদানৰ সুবিধাৰ্থে চালক, নিৰাপত্তাৰক্ষীক কৰ্মবিৰতি দিলে মুখ্যমন্ত্ৰী কনৰাড চাংমাই । সাধাৰণ ভোটাৰৰ লগত শাৰী পাতিলে মুখ্যমন্ত্ৰী আৰু তেওঁ ভগ্নী তথা এনপিপিৰ সাংসদ আগাথা চাংমায়ে ।


Published : April 19, 2024 at 1:09 PM IST
|Updated : April 19, 2024 at 2:02 PM IST
বকো, ১৯ এপ্ৰিল : দেশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । অসমৰ ৫ টা সমষ্টিত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে । একেদৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দুয়োটা লোকসভা সমষ্টিতে পুৱাৰে পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । দুয়োটা লোকসভা সমষ্টি ক্ৰমে শ্বিলং আৰু তুৰাত শান্তিপূৰ্ণভাৱে চলি আছে এই ভোটদান প্ৰক্ৰিয়া । পুৱা ৭ বজাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোটকেন্দ্ৰবোৰত ভোটাৰে শাৰী পাতিছে ।
ইফালে পুৱাই তুৰা সমষ্টিত থকা নিজা ভোটকেন্দ্ৰত ভোটদানৰ বাবে নিজে গাড়ী চলাই উপস্থিত হ'ল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । একেদৰে পুৱাই তুৰা লোকসভা সমষ্টিৰ এনপিপিৰ প্ৰাৰ্থী আগাথা চাংমাইও ভোটদান কৰে । উল্লেখ্য যে বৰ্তমানৰ তুৰাৰ সাংসদ আগাথা চাংমা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভগ্নী ৷ দুয়ো লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ এ চাংমাৰ সন্তান ।
ভোটদানৰ দিনাই গণতন্ত্ৰৰ বৃহৎ উৎসৱত অংশ ল'লে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । তেওঁ নিজেই বাহন চলাই আহি ভোট সাব্যস্ত কৰিলে । তেওঁৰ বাহনৰ চালক, কৰ্মী, সহযোগী তথা একাংশ নিৰাপত্তাৰক্ষীক ভোটদান কৰিবলৈ উৎসাহিত কৰি তেওঁ কৰ্মবিৰতি দিয়ে । সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই বাহন চলাই ভোটকেন্দ্ৰত উপস্থিত হয় । চাংমাই কয় যে যদিও ভোটদাতাৰ শাৰী দীঘল হোৱাৰ বাবে ভোটদান প্ৰক্ৰিয়াত কিছু সময় লাগিল কিন্তু এইটো এটা ভাল লক্ষণ যে মানুহে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিবলৈ ভাল সংখ্যাত ওলাই আহিছে।
মেঘালয়ৰ ২নং তুৰা লোকসভা সমষ্টিৰ ৱাৰবাগগ্ৰে প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত সাধাৰণ ভোটাৰৰ দৰেই শাৰী পাতি ভোটদানৰ বাবে অপেক্ষা কৰিলে । একেদৰে বৰ্তমানৰ সাংসদ তথা এনপিপিৰ প্ৰাৰ্থী আগাথা চাংমাইকো সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি থকা দেখা গ'ল । দুয়োগৰাকী নেতাৰ পৰিয়ালৰ আন আন সদস্যসকলেও ভোটাধিকাৰ সাব্যস্ত কৰে । কনৰাড চাংমাৰ দৰে আগাথায়ো তেওঁৰ ৰাজ্যৰ লোকসকলক বৃহৎ সংখ্যাত ভোট দিবলৈ ওলাই অহাৰ বাবে ধন্যবাদ জনায়।
লগতে পঢ়ক :LIVE : অসম লোকসভা নিৰ্বাচন 2024 : 11 বজালৈ 28 % ভোটদান - LOK SABHA ELECTION 2024

