ETV Bharat / bharat

কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদীৰ দেহাৱসান - Sushil Modi Passes Away

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 12:53 PM IST

Former Deputy CM of Bihar: বিজেপিৰ প্ৰবীণ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদী আৰু নাই । সোমবাৰে নিশা ৭২ বছৰ বয়সত তেওঁৰ মৃত্যু ঘটে । দিল্লী এইমছত শেষ নিশ্বাস ল’লে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু সমগ্ৰ দেশৰ সকলো দলৰ নেতাই ।

Sushil Modi
সুশীল মোদীৰ দেহাৱসান (Etv Bharat)

নেশ্যনেল ডেস্ক, 14 মে’: দেশৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিকৰ দেহাৱসান ৷ বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদীৰ সোমবাৰে মৃত্যু ঘটে ৷ তেওঁৰ মৃতদেহটো মঙলবাৰে ৰাজধানী দিল্লীৰ পৰা পাটনালৈ অনা হ’ব ৷ হিন্দুধৰ্মীয় ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰা হ’ব ৰাজনীতিকগৰাকীৰ ৷ বিগত কিছুসময় ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বুলি নিজে সামাজিক মাধ্যমযোগে ৰাইজক জানিবলৈ দিছিল ৷

বিগত 6 মাহ ধৰি বৰ্ষীয়ান ৰাজনীতিক মোদীয়ে কৰ্কট ৰোগত ভূগি থকাৰ প্ৰসংগত লোকসভা নিৰ্বাচনৰ কোনো কাম-কাজত তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে সদৰি কৰিছিল ৷ অৱশেষত সোমবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে ৰাজনীতিবিদ গৰাকীৰ ৷

ৰাষ্ট্ৰপতিৰ শোকপ্ৰকাশ:

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজনীতিকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৷ মুৰ্মুৱে সামাজিক মাধ্যম "এক্স"ত সুশীল কুমাৰ মোদীৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি দুখ প্ৰকাশ কৰে ৷ শান্ত, সমাহিত প্ৰকৃতিৰ ব্যক্তিগৰাকীয়ে ৰাজনৈতিক ক্ষেত্ৰৰ এগৰাকী সফল যোদ্ধা বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে ৷

বিহাৰৰ উপ মুখ্যমন্ত্ৰী অথবা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজনীতিকগৰাকীৰ আদৰ্শ আছিল উচ্চমানদণ্ডৰ ৷ ঈশ্বৰে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰাৰ লগতে পৰিয়ালবৰ্গক এই দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক বুলি ৰাষ্ট্ৰপতি মুৰ্মুৱে শোকপ্ৰকাশ কৰে ৷

বিহাৰ বিজেপিৰ উত্থানত অৱদান:

সুশীল মোডীৰ অৱদানক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক পোষ্টত লিখিছে এনেদৰে, "দশক দশক ধৰি দলৰ মোৰ নিষ্ঠাৱান সহকৰ্মী তথা বন্ধু সুশীল মোডীজীৰ অকাল মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো ৷ বিহাৰত বিজেপি দলৰ সফলতাৰ ক্ষেত্ৰত তেওঁৰ আছিল অমূল্য বৰঙণি ৷

ভাতৃ সুশীল মোদীৰ মৃত্যুত মৰ্মাহত:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডি-ৰ মুৰব্বী লালুপ্ৰসাদ যাদৱেও ছাত্ৰাৱস্থাৰ সময়ৰ কথা সুঁৱৰি সুশীল মোদীৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ মোদীৰ পৰিয়ালটোক এই ক্ষতি সহ্য কৰিবলৈ ভগৱানে শক্তি প্ৰদান কৰক বুলি মন্তব্য কৰে ।

সমান্তৰালকৈ মোদীৰ মৃত্যুত শোকপ্ৰকাশ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱকে ধৰি বহুকেইগৰাকী ৰাজনীতিবিদে ৷

সকলোৱে ৰাজনীতিকগৰাকীৰ অৱদানৰ বিষয়ে পৰ্যালোচনা কৰি গভীৰ শোকপ্ৰকাশ কৰে ৷ জনতা জনাৰ্দন হিচাপে সাধাৰণ ৰাইজক গণ্য কৰা সুশীল মোদীৰ আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰিব বুলিও দেশৰ ৰাজনীতিবিদসকলে মন্তব্য কৰে ৷

আনহাতে, বিহাৰ কংগ্ৰেছৰ অধ্যক্ষ অখিলেশ প্ৰসাদ সিঙেও সুশীল মোদীৰ মৃত্যুত শোকপ্ৰকাশ কৰি সামাজিক মাধ্যম এক্সত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, বিহাৰত বাজেট দাখিল কৰাৰ ক্ষেত্ৰত এক অভিলেখ সৃষ্টি কৰিছিল প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়ে । ২০০৫ চনৰ অক্টোবৰ মাহত যেতিয়া বিধানসভা নিৰ্বাচনৰ পাছত নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হৈছিল, তেতিয়া তেওঁ গ্ৰহণ কৰিছিল উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব ৷

ইয়াৰ উপৰিও মোদীক দিয়া হৈছিল বিত্ত বিভাগৰ দায়িত্ব ৷ সুশীল মোদী যেতিয়ালৈকে এন ডি এ চৰকাৰত আছিল, তেতিয়ালৈকে তেওঁ বিত্ত বিভাগৰ দায়িত্ব চম্ভালিছিল । 2006 চনৰ পৰা 2013 চনলৈকে মোদীয়ে ক্ৰমাগতভাৱে 8 বাৰকৈ বাজেট দাখিল কৰে ৷ তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত সৰ্বমুঠ 11 বাৰৰ বাবে দাখিল কৰিছিল বাজেট ৷

লগতে পঢ়ক: প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ বিয়োগ; শোকস্তব্ধ লখিমপুৰ - Former MP Ishwar Prasanna Hazarika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.