ETV Bharat / state

প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ বিয়োগ; শোকস্তব্ধ লখিমপুৰ - Former MP Ishwar Prasanna Hazarika

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 7:44 PM IST

Former MP Ishwar Prasanna Hazarika : তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ আজি দেহাৱসান ঘটে । প্ৰাক্তন সাংসদ, বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকী নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল ।

Former MP Ishwar Prasanna Hazarika
ঈশ্বৰ প্ৰসন্ন হাজৰিকা (ETV BHARAT ASSAM)

লখিমপুৰ, ১৩ মে’ : লখিমপুৰ নিবাসী তেজপুৰৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ সোমবাৰে দেহাৱসান ঘটে । লখিমপুৰ নগৰৰ সাত নং ৱাৰ্ড নিবাসী প্ৰাক্তন সাংসদ,বৰ্ষীয়ান কংগ্ৰেছ নেতা ঈশ্বৰ প্ৰসন্ন হাজৰিকা (৮৭)ৰ সোমবাৰে বিয়োগৰ খবৰ পোৱাৰ পাচতেই লখিমপুৰত শোকৰ ছাঁ পৰে । বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতাগৰাকী বৃক্ক আৰু হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ নতুন দিল্লীৰ ওখলাৰ ফৰ্টিছ হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্র, এগৰাকী কন্যা এৰি থৈ যায় । তেওঁৰ বৰপুত্ৰ ৱাশ্বিংটনৰ নিৱাসী । আনহাতে, সৰুপুত্ৰ থাকে ছিংগাপুৰত ৷

১৯৩৭ত উত্তৰ লখিমপুৰৰ অধিবক্তা তথা স্বাধীনতা সংগ্ৰামী তীৰ্থেশ্বৰ হাজৰিকা আৰু ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় মোক্ষদা দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল ঈশ্বৰ প্ৰসন্ন হাজৰিকাই । উল্লেখ্য যে মেধা সম্পন্ন ঈশ্বৰ প্ৰসন্ন হাজৰিকাই ১৯৫২ ত তেতিয়াৰ অবিভক্ত নেফাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । তেওঁৰ সেই অভিলেখ আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই । ইয়াৰ পিচত ঈশ্বৰ প্ৰসন্ন হাজৰিকাই লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ যায় ।

লণ্ডনৰ পৰা উভতি আহি ভাৰতীয় ৰাজহ সেৱাত চাকৰি কৰি পুনৰ লণ্ডন লৈ যায় আৰু ব্ৰিটিছ চৰকাৰৰ অধীনত ৰাজহ বিভাগত ছয় বছৰ চাকৰি কৰে ৷ পাছত ভাৰতলৈ উভতি আহি তেওঁ বিএইচটিএল, এনটিপিচি, এছটিচি, এমএমটিচি আদি বিভিন্ন প্ৰতিষ্ঠানত নিৰ্দেশক আৰু অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰে ।

১৯৯১ত তেওঁ অগপৰ পৰা লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজয় বৰণ কৰে । পাছত ১৯৯৬ত তেওঁ তেজপুৰ লোকসভা সমষ্টিত কংগ্রেছ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি সাংসদ হিচাপে নিৰ্বাচিত হয় । বিচিত্র জীৱন পৰিক্ৰমাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্য়তম এজন মেধাবী ছাত্র ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰে ।

লগতে পঢ়ক: তেজপুৰ লোকসভাৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান - Former MP Ishwar Prasanna Hazarika

লগতে পঢ়ক: স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান - Birubala Rabha Passes Away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.