ETV Bharat / bharat

লোকসভা নিৰ্বাচনৰ পূৰ্বে মণিপুৰত নিৰাপত্তা বাহিনীৰ ফ্লেগ মাৰ্চ - Lok Sabha Election 2024

author img

By ANI

Published : Apr 18, 2024, 9:39 AM IST

LOK SABHA ELECTION 2024
Flag march in Manipur

Flag march in Manipur: লোকসভা নিৰ্বাচনৰ প্ৰাক্ ক্ষণত মণিপুৰত নিৰাপত্তা বাহিনীৰ ফ্লেগ মাৰ্চ । নিৰ্বাচনী প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৰাজ্যখনত ।

নিউজ ডেস্ক, ১৮ এপ্ৰিল: আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৭ এপ্ৰিলত মণিপুৰত নিৰাপত্তাৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰে । মণিপুৰত ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত ইয়াৰ ২খন আসনৰ বাবে দুটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব । নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত বক্তব্য ৰাখি ইম্ফল ৱেষ্টৰ এছ পি কে এছ শিৱকান্ত সিঙে কয় যে ইম্ফল পশ্চিমত নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে ।

তেওঁ আৰু কয়, "মোৰ জিলা ইম্ফল পশ্চিমত নিৰাপত্তাৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে । মই থিয় হৈ থকা ঠাইখনো স্পৰ্শকাতৰ স্থান, আমি স্পৰ্শকাতৰ স্থানত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিছোঁ । আমি আমাৰ কমাণ্ডো দল আৰু আৰক্ষী জোৱানকো নিয়োগ কৰিছোঁ । সেনা, চি আৰ পি এফ আৰু ৰাজ্যিক আৰক্ষীয়ে তিনিটা স্তৰৰ নিৰাপত্তা সামৰি লৈছে । আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কত সকলো ফ্ৰিঞ্জ এলেকা সামৰি লোৱা হৈছে ।"

"মই ভাবো নিৰ্বাচন সুকলমে হ'ব । জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে । অন্যান্য দুৰ্বল আৰু জটিল ভোটকেন্দ্ৰৰ বাবে আমি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিছো । আন ঠাইত আমি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ স্বাৰ্থত আৰক্ষী জোৱানক অস্ত্ৰৰে সজ্জিত কৰি ৰাখিছোঁ ।"

উল্লেখ্য যে, মণিপুৰত বিগত বৰ্ষত গোষ্ঠী সংঘৰ্ষই ব্যাপক ৰূপ ধাৰণ কৰিছিল । কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সূত্ৰপাত ঘটা এই সংঘৰ্ষ দীৰ্ঘদিন ধৰি চলিছিল । প্ৰায় ডেৰ শতাধিক লোক নিহত হোৱাৰ লগতে কেইবা সহস্ৰাধিকলোক এই সংঘৰ্ষৰ ফলত গৃহহাৰা হয় । বৰ্তমান এই সংঘাতপূৰ্ণ পৰিস্থিতি শাম কাটিছে যদিও নিৰ্বাচনত ইয়াৰ যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে ।

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ সমষ্টি তথা প্ৰাৰ্থীৰ সবিশেষ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.