ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ সমষ্টি তথা প্ৰাৰ্থীৰ সবিশেষ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:07 PM IST

Phase 1 LS Polls: ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হ’ব ১৯ এপ্ৰিলৰ পৰা । বুধবাৰে (১৭ এপ্ৰিল) সন্ধিয়া নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে । এই প্ৰতিবেদনত আপোনালোকে জানিব পাৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া গুৰুত্বপূৰ্ণ সমষ্টি আৰু হেভীৱেট প্ৰাৰ্থীৰ সবিশেষ ।

PHASE 1 LS POLLS
Lok Sabha Election 2024

নিউজ ডেস্ক, ১৭ এপ্ৰিল: বিশ্বৰ সৰ্বাধিক জনবসতিপূৰ্ণ দেশ ভাৰতত অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়ালৈ মাত্ৰ দুদিন বাকী । ২৮ খন ৰাজ্য আৰু ৮ টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ লাখ লাখ লোকে সাতটা পৰ্যায়ত ভোটদান কৰিব । এই নিৰ্বাচন দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচন হ’ব । অহা ৪ জুনত হ’ব ভোটগণনা ।

২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ খন আসনৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ১৯ এপ্ৰিলত ১ম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিচত ক্ৰমে ২৬ এপ্ৰিল, ৭ মে’, ১৩ মে’, ২০ মে’, ২৫ মে’, আৰু ১ জুনত পৰ্যায়ক্ৰমে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব । ভোট গণনা কৰা হ’ব ৪ জুনত ।

  • " class="align-text-top noRightClick twitterSection" data="">

নিস্তব্ধতাৰ সময়ছোৱা বুলিলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ পিচৰ ৪৮ ঘণ্টাৰ সময়ছোৱাক বুজোৱা হয়, য’ত যিকোনো ধৰণৰ প্ৰচাৰ চলোৱা নিষিদ্ধ । ইয়াৰ ভিতৰত ৰাজহুৱা সভা, ভাষণ, সাক্ষাৎকাৰ আৰু ছপা, ইলেক্ট্ৰনিক মিডিয়া বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিৰ্বাচন সম্পৰ্কীয় তথ্য প্ৰদৰ্শন বা প্ৰচাৰ কৰা আদি অন্তৰ্ভুক্ত ।

এই কালছোৱাৰ উদ্দেশ্য হৈছে ভোটাৰসকলক ভোটদানৰ পূৰ্বে চিন্তা-চৰ্চাৰ বাবে শান্ত আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সুবিধা প্ৰদান কৰা । শেষ মুহূৰ্তৰ প্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ যাতে ভোটাৰে ভোটদানৰ বিষয়ে বিবেচনা কৰিব পাৰে তাৰ বাবে নিৰ্বাচনী প্ৰচাৰ বন্ধ হোৱাৰ নিৰ্ধাৰিত ৪৮ ঘণ্টাৰ পৰা আৰম্ভ হয় মৌনতাৰ কাল । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ১৭ এপ্ৰিল বুধবাৰে সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হৈছে এই সময় ।

মৌনতাৰ সময়ছোৱাৰ বিষয়ে জানিবলগীয়া মূল কথাবোৰ:

  • কোনো বিশেষ সমষ্টিত নিৰ্বাচন সমাপ্ত হোৱাৰ পূৰ্বে ৪৮ ঘণ্টা ধৰি চলি থাকে প্ৰচাৰৰ নিষেধাজ্ঞা ।
  • এই সময়ছোৱাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰা হয় । ইয়াৰ ভিতৰত ৰেলী, ভাষণ, ৰাজহুৱা সভা, কেনভাছিং আদি অন্তৰ্ভুক্ত ।
  • সংবাদ মাধ্যমে এই সময়ছোৱাত নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু যেনে বিজ্ঞাপন, সাক্ষাৎকাৰ বা বিতৰ্ক আদি প্ৰচাৰ কৰাটোও নিষিদ্ধ ।
  • প্ৰচাৰ নিষেধাজ্ঞা ছ’চিয়েল মিডিয়া প্লেটফৰ্মলৈকে বিস্তৃত । এই সময়ছোৱাত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক নিৰ্বাচনৰ সৈতে জড়িত নতুন কন্টেন্ট পোষ্ট কৰিবলৈ দিয়া নহয় ।
  • মৌনতাৰ সময়ছোৱাত নিৰ্বাচনৰ সৈতে জড়িত পমফ্লেট, পোষ্টাৰ বা কোনো ছপা সামগ্ৰী বিতৰণৰ অনুমতি দিয়া হোৱা নাই ।
  • এই মৌনতাকালৰ উদ্দেশ্য হৈছে ভোটাৰসকলক শেষ মুহূৰ্তৰ প্ৰভাৱ নোহোৱাকৈ সিদ্ধান্ত গ্ৰহণৰ বাবে এক শান্ত আৰু শান্তিপূৰ্ণ পৰিৱেশ প্ৰদান কৰা ।
  • এই সময়ছোৱাত নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত নিৰ্দিষ্ট ঘোষণা বা ভোটগ্ৰহণ ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ৰেহাই প্ৰদান কৰিব পাৰে ।
  • মৌনতাৰ সময়ছোৱাৰ নিয়মসমূহ মানি চলাটো নিশ্চিত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নিয়ম উলংঘাকাৰীয়ে আইনী পৰিণতিৰ সন্মুখীন হ’ব পাৰে ।
  • প্ৰাৰ্থীসকলৰ মাজত ন্যায্য আৰু সমতাপূৰ্ণ ৰাজনৈতিক খেলপথাৰ নিশ্চিত কৰাৰ বাবে মৌনতাৰ সময়ছোৱা অতি গুৰুত্বপূৰ্ণ, শেষ মুহূৰ্তত ভোটাৰক প্ৰলোভিত কৰাৰ প্ৰচেষ্টা ৰোধ কৰা হয় ।
  • নিৰ্বাচন আয়োগে এই সময়ছোৱা আৰম্ভ হোৱাৰ পূৰ্বে ভোটাৰ সজাগতাৰ পদক্ষেপক উৎসাহিত কৰে যাতে ভোটাৰসকলে নিৰৱ চিন্তাৰ এই পৰ্যায়ত প্ৰৱেশ কৰাৰ পূৰ্বে ভোটদান সন্দৰ্ভত অৱগত হোৱাটো নিশ্চিত কৰিব পাৰে ।

১ম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি

  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ – আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  • অৰুণাচল প্ৰদেশ – অৰুণাচল প্ৰদেশ পূব, অৰুণাচল প্ৰদেশ পশ্চিম
  • অসম – ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ, শোণিতপুৰ
  • বিহাৰ – ঔৰংগাবাদ, গয়া, জামুই, নৱাদা
  • জম্মু-কাশ্মীৰ – উধামপুৰ
  • ছত্তীশগড় – বাষ্টাৰ
  • লক্ষদ্বীপ – লক্ষদ্বীপ
  • মধ্যপ্ৰদেশ – ছিণ্ডৱাৰা, বালাঘাট, জবলপুৰ, মাণ্ডলা, সিধি, শ্বাহদল
  • মহাৰাষ্ট্ৰ – চন্দ্ৰপুৰ, ভাণ্ডাৰা–গণ্ডিয়া, গাডচিৰোলি – চিমুৰ, ৰামটেক, নাগপুৰ
  • মণিপুৰ – ইনাৰ মণিপুৰ, আউটাৰ মণিপুৰ
  • ৰাজস্থান – গংগানগৰ, বিকানেৰ, চুৰু, ঝুনঝুনু, ছিকাৰ, জয়পুৰ গ্ৰাম্য, জয়পুৰ, আলৱাৰ, ভাৰতপুৰ, কৰৌলি-ঢোলপুৰ, দৌছা, নগৌৰ
  • মেঘালয় – শ্বিলং, তুৰা
  • মিজোৰাম – মিজোৰাম
  • নাগালেণ্ড – নাগালেণ্ড
  • পুডুচেৰী – পুডুচেৰী
  • ছিকিম – ছিকিম
  • তামিলনাডু – তিৰুভাল্লুৰ, চেন্নাই উত্তৰ, চেন্নাই দক্ষিণ, চেন্নাই মধ্য, শ্ৰীপেৰুম্বুদুৰ, কাঞ্চীপুৰম, আৰাক্কোনাম, ভেল্লোৰ, কৃষ্ণগিৰি, ধৰ্মপুৰী, তিৰুৱন্নমলাই, আৰাণী, ভিলুপ্পুৰম, কল্লাকুৰিচি, চেলেম, নামককাল, ইৰোড, তিৰুপপুৰ, নীলগিৰি, কইম্বাটুৰ, পোল্লাচি, ডিণ্ডিগুল, কৰূৰ, তিৰুচিৰাপল্লী, পেৰামবলুৰ, কুদ্দালোৰ, চিদাম্বৰম, মায়লাদুথুৰাই, নগাপট্টিনাম, থাঞ্জাভুৰ, শিৱগংগা, মাদুৰাই, থেনি, বিৰুধুনগৰ, ৰামনাথপুৰম, থুথুক্কুডি, টেংকাছী, তিৰুনেলভেলী, কন্যাকুমাৰী
  • ত্ৰিপুৰা – ত্ৰিপুৰা পশ্চিম
  • উত্তৰাখণ্ড – তেহৰী গড়ৱাল, গড়ৱাল, আলমোৰা, নাইনিতাল- উধমসিং নগৰ, হৰিদ্বাৰ
  • পশ্চিম বংগ – কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি
  • উত্তৰ প্ৰদেশ – চাহাৰনপুৰ, কৈৰানা, মুজাফ্ফৰনগৰ, বিজনৌৰ, নাগিনা, মোৰাদাবাদ, ৰামপুৰ, পিলিভীত

১ম পৰ্যায়ৰ মূল সমষ্টিসমূহ:

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মূল সমষ্টিসমূহৰ ভিতৰত অসমৰ ডিব্ৰুগড়, যোৰহাট আৰু শোণিতপুৰ, বিহাৰৰ জামুই, ছত্তীশগড়ৰ বাষ্টাৰ, জম্মু-কাশ্মীৰৰ উধামপুৰ, মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা, ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ, ৰাজস্থানৰ পুডুচেৰী, বিকানেৰ, চেন্নাই উত্তৰ, চেন্নাই দক্ষিণ, চেন্নাই চেণ্ট্ৰেল, আৰু তামিলনাডুৰ কইম্বাটুৰ, উত্তৰ প্ৰদেশৰ মুজ্জাফৰনগৰ আৰু পিলিভীত, আৰু পশ্চিম বংগৰ কুচবেহাৰ আৰু আলিপুৰদুৱাৰ ।

১ম পৰ্যায়ত হেভিৱেট প্ৰাৰ্থী:

২০২৪ চনৰ লোকসভা নির্বাচনৰ প্রথম পর্যায়ৰ খেলপথাৰৰ মূল প্রার্থী হ’ল জিতেন্দ্র সিং (উধমপুৰ), চিৰাগ পাছৱান (জামুই), নকুল নাথ (ছিন্দোৱাৰা), কে আন্নমলাই (কইম্বাটুৰ), এল মুৰুগান (নীলগিৰি), তামিলিছাই সৌন্দৰাৰাজন ( চেন্নাই দক্ষিণ), সৰ্বানন্দ সোণোৱাল (ডিব্ৰুগড়), গৌৰৱ গগৈ (যোৰহাট), পোন ৰাধাকৃষ্ণন (কান্নিয়াকুমাৰী), কানিমোজি কৰুণানিধি (থুথুক্কুডি), ভি বৈথিলিংগম (পুডুচেৰী), হৰেন্দ্ৰ সিং মালিক (মুজাফ্ফৰ্নগৰ), সঞ্জীৱ বাল্যান (মুজাফ্ফৰ্নগৰ), জিতিন প্ৰসাদ (পিলিভীত), মনোজ টিগ্গা (আলিপুৰদুৱাৰছ), আৰু নিসিথ প্ৰমানিক (কোচবেহাৰ)।

লগতে পঢ়ক: অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.