ETV Bharat / politics

অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 7:49 PM IST

সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ ৫ টা লোকসভা সমষ্টিত কোনো ৰাজনৈতিক দলে চলাব নোৱাৰিব প্ৰার্থীৰ সমৰ্থনত প্ৰচাৰ । ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিৰ অন্তর্গত জিলাকেইখনত ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে’ । মেঘালয়ৰ বাবে ১৯ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাতো ড্ৰাই ডে’ ।

FIRST PHAGE ELECTION ASSAM
অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ

গুৱাহাটী, ১৭ এপ্ৰিল: সামৰণি পৰিল ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ বুধবাৰে বিয়লি ৫ বজাত সামৰণি পৰে পাঁচটা সমষ্টিৰ ভোটৰ প্ৰচাৰ ৷ যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা লোকসভা সমষ্টিত আজি বিয়লি ৫ বজাৰ পিচত কোনো ৰাজনৈতিক দলে প্ৰার্থীৰ সমৰ্থনত প্ৰচাৰ চলাব নোৱাৰিব ।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫টা লোকসভা সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰর্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ আটাইতকৈ হেভিৱেট কেবাজনো প্ৰর্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ হৈ সাংসদ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বিজেপিৰ হৈ অৱতীৰ্ণ হৈছে সাংসদ তপন গগৈ ৷

আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ হৈ অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । বিজেপিৰ প্ৰাৰ্থীসকলৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাতে প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে সৰ্বানন্দ সোণোৱালৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল ।

আনহাতে কংগ্ৰেছৰ প্ৰার্থী গৌৰৱ গগৈৰ হৈ মঙলবাৰে তিতাবৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰচাৰ সভা আৰু ৰোড শ্ব'ত অংশ লয় । ইফালে আজিৰ দিনটোতো মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত বিশাল ৰোড শ্ব' কৰে । শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে আজি শেষবাৰৰ ব্যাপক প্ৰচাৰ অভিযান চলায় ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ লগে লগে এতিয়া অপেক্ষা মাথো ১৯ এপ্ৰিললৈ । সিদিনা পাঁচটা সমষ্টিত অৱতীৰ্ণ হোৱা ৩৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে । উল্লেখ্য যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি জন প্ৰতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়তে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব ।

সেই অনুসৰি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত ১৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় কোনো সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব ।

তদুপৰি টেলিভিশ্যন, চিনেমাটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই সময়ছোৱাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধর্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব ।

উক্ত সময়খিনিত ছপা, বৈদ্যুতিন বা আন কোনো মাধ্যমতে এক্সিট প’ল, অপিনিয়ন প’ল প্ৰকাশ-প্ৰচাৰ, সম্প্ৰচাৰ কৰিব নোৱাৰিব । জ্যোতিষীৰ ভৱিষ্যদ্বাণী, টেৰ’ কার্ড ৰিডিং, ৰাজনৈতিক বিশ্লেষণ আদিও প্ৰচাৰ-প্ৰকাশ কৰিব নোৱাৰিব । ভোট প্ৰদানৰ ক্ষেত্ৰত ভোটাৰসকলে স্বসিদ্ধান্তৰে নিৰ্বাচনত অংশগ্ৰহণৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ইফালে প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণি পৰাৰ লগে লগে তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানত নামি পৰিব ৰথী-মহাৰথী ।

আনহাতে ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটৰ বাবে ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ অন্তর্গত জিলা কেইখনত বুধবাৰৰ পৰা ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে' ঘোষণা কৰা হৈছে । আনহাতে মেঘালয়ৰ প্ৰথম পৰ্যায়ৰ ভোটৰ বাবেও বুধবাৰে বিয়লি ৪ বজাৰ পৰা ১৯ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৫ বজাত অন্ত পৰিলেও ৰাজনৈতিক দলসমূহে যাতে ভোটাৰক প্ৰৰোচিত কৰাৰ বাবে সুৰা বিতৰণ কৰিব নোৱাৰে সেই সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি উক্ত ৫ টা লোকসভা সমষ্টি অন্তর্গত জিলাসমূহত সংশ্লিষ্ট জিলা আয়ুক্তই ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ সম্পূৰ্ণ ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে' ঘোষণা কৰিছে ।

এই সময়ছোৱাত মেঘালয়ৰ ৰি-ভয় জিলাত হোৱা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলাতো ড্ৰাই ডে' ঘোষণা কৰা হৈছে ৷ উক্ত ৪৮ ঘণ্টাত জিলাখনত সুৰাৰ সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । লগতে সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপণি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ৰ ১৩৫ (গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়াই দিয়া হৈছে । ইফালে কাষৰীয়া ৰাজ্য নাগালেণ্ডত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলাতো ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে' ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক: মই অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ : প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.