ETV Bharat / politics

মই অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ : প্ৰধানমন্ত্ৰী মোদী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 4:29 PM IST

MODI IN NALBARI
নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰামৰ জন্মদিন উপলক্ষে মোবাইল ফোনৰ ফ্লাছ লাইট জ্বলোৱালে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ নিজকে অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ আখ্যা প্ৰধানমন্ত্ৰীগৰাকীৰ ৷ কম দামতে ছ’লাৰ পেনেলৰ যোগান ধৰিব বিজেপি চৰকাৰে ৷ জয় শ্ৰীৰাম ধ্বনিৰে আলোড়িত কৰি নলবাৰীত ভোটভিক্ষা প্ৰধানমন্ত্ৰী মোদীৰ ৷

মই অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ : প্ৰধানমন্ত্ৰী মোদী

গুৱাহাটী, ১৭ এপ্ৰিল : ‘‘৪ জুন, ৪০০ পাৰ’’, ‘‘আকৌ এবাৰ মোদী চৰকাৰ’’- এই শ্ল’গানেৰে আজি অসমত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নলবাৰীৰ বৰকুৰাত এক বিশাল জনসভাত আজি লোকসভা নিৰ্বাচনৰ বৰপেটা, দৰং-ওদালগুৰি, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাই মোদীয়ে জনতাৰ পৰা বিচাৰিলে ভোট ৷

আনবাৰৰ দৰে এইবাৰো স্বভাৱসিদ্ধভাৱে অসমীয়াতে ৰঙালী বিহুৰ সম্ভাষণ জনাই ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নিজকে অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাডৰ ঘোষণাৰে কংগ্ৰেছক কঠোৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমেই আজি ৰাম নৱমীৰ দিনা ৰাম মন্দিৰৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়ালে নিজৰ নিৰ্বাচনী ভাষণ । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি ৫০০ বছৰৰ পিচত ভগৱান ৰামচন্দ্ৰ বিৰাজমান হ’ল ৷"

উল্লেখ্য যে বুধবাৰে ৰামচন্দ্ৰৰ শিৰত সূৰ্য তিলক লগাই ৰামৰ জন্মদিন অযোধ্যাৰ ৰাম মন্দিৰত পালন কৰা হৈছে । সেইদৰে নলবাৰীৰ জনসমুদ্ৰক সম্বোধন কৰি মোদীয়ে সভাত উপস্থিত সকলোকে মোবাইলৰ ফ্লাছ লাইট জ্বলাবলৈ আহ্বান জনাই যাতে মোবাইলৰ পোহৰে ৰামৰ মূৰ্তি স্পৰ্শ কৰে । জয় জয় শ্ৰীৰাম, জয় জয় ৰাম-লক্ষ্মণ-জানকী ধ্বনি দি জনতাক আলোড়িত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । মোদীৰ আহ্বান মৰ্মে সভাত সকলোৱে জ্বলালে মোবাইলৰ ফ্লাছ লাইট ।

“এইবাৰ ৪ জুনত সমগ্ৰ দেশত কি হ’ব এই সভাই প্ৰতিফলিত কৰিছে ৷ সমগ্ৰ দেশে কৈছে 4 জুন ৷ ৪০০ পাৰ ৷ আকৌ এবাৰ মোদী চৰকাৰ ।” এই মন্তব্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয়- ‘‘২০১৪ত মোদীয়ে আশা লৈ আহিছিল, ২০১৯ত যেতিয়া মোদী আহিছিল তেতিয়া লৈ আহিছিল বিশ্বাস ৷ আৰু এইবাৰ মোদীয়ে লৈ আহিছে গেৰাণ্টি । মোদীৰ গেৰাণ্টি পূৰণ কৰাৰ গেৰাণ্টি ৷”

আগন্তুক ৫ বছৰত দৰিদ্ৰ লোকৰ বাবে ৩ কোটি আবাস নিৰ্মাণ, বিভেদভাৱ নৰখাকৈ সকলোকে বিনামূলীয়া ৰেচন যোগান, সত্তৰোৰ্ধ লোকৰ বাবে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা আদি এইবাৰৰ নিৰ্বাচনী সংকল্পৰ কথা জনতাক সম্বোধি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷ জনসভাত দলীয় কৰ্মী তথা সমৰ্থকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বিজেপিৰ সংকল্পপত্ৰৰ কথা সদৰী কৰি কয় যে এই সংকল্পবোৰ কোনো ভেদভাৱ নৰখাকে পালন কৰা হ’ব ৷

মোদীয়ে কয়, “দেশৰ জনতাৰ বিদ্যুৎ মাচুল শূন্য কৰি তোলা হ’ব ৷ তাৰ বাবে কম দামত যোগান ধৰা হ’ব ছ’লাৰ পেনেল । স্কুটী-মটৰ চাইকেল আদি ইয়াৰ পৰাই চাৰ্জ কৰিব পাৰিব । ভ্ৰমণৰ পেট্ৰ’ল-ডিজেলৰ যি খৰচ সেয়া শূন্য হৈ পৰিব ।” আত্মসহায়ক গোটৰ জৰিয়তে দেশৰ তিনি কোটি মহিলাক লাখপতি বাইদেউ বনোৱা লক্ষ্যৰ কথা সদৰী কৰি নিৰ্বাচনী জনসভাখনত মোদীয়ে কয় যে অসমৰ সকলো শ্ৰেণীৰ সকলো লোকে লাভ কৰিব এই সুবিধা । উত্তৰ-পূৱৰ সমস্যৰ সমাধান কৰা প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰে মোদীয়ে ৷

মোদীয়ে কয়, ‘‘কংগ্ৰছে উত্তৰ-পূৱক কেৱল সমস্যাহে দিছিল ৷ বিজেপিয়ে যোৱা দহ বছৰত বহু কাম কৰিলে উত্তৰ-পূৱৰ বাবে ৷ কংগ্ৰেছে কৰিব নোৱৰা বহু কাম ১০ বছৰত কৰি দেখুৱালে বিজেপিয়ে ।’’

খাৰখোৱা অসমীয়াৰ বাবে কি কৰিলে বিজেপিয়ে ?

জনতাক ভোট ভিক্ষা কৰি নৰেন্দ্ৰ মোদীয়ে ক’লে যোৱা ১০ বছৰত বিজেপিয়ে কি কি কৰিলে অসমৰ বাবে ৷ জাগীৰোডত টাটা ছন্সৰ দ্বাৰা প্ৰতিষ্ঠা হ’বলগীয়া ছেমি কণ্ডাক্টৰৰৰ পৰা আৰম্ভ কৰি ইতিমধ্যে জনসেৱাত উৎসৰ্গিত বগীবিল, ধলা-শদিয়া দলং, AIIMS, কেন্সাৰ হাস্পতাল, নতুন চিকিৎসা মহাবিদ্যালয়, ৯০ হাজাৰ কোটিৰ গেছ ক্ৰেকাৰ প্ৰকল্প, অসম-বাৰউণী তৈল পাইপ, লাচিত বৰফুকনৰ বিশালকায় মূৰ্তি আদিয়ে স্থান লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ ভাষণত ৷

ৰাইজে নখ জোকাৰিলে নৈ বয়:

এই বাক্যশাৰী উল্লেখেৰে অসমৰ ট্যুৰিজিম ক্ষেত্ৰখনৰ প্ৰসংগও উত্থাপন কৰিলে মোদীয়ে ৷ মোদীয়ে অসমৰ কৃষিক্ষেত্ৰখনৰ বিকাশৰ প্ৰসংগত উল্লেখ কৰিলে খাৰখোৱা অসমীয়া প্ৰসংগও । আনহাতে মুছলমানৰ তিনি তালাকৰ প্ৰসংগত অসমৰ মুছলমান মহিলাসকলক উদ্দেশ্যি তেওঁ কয়, “মোদীয়েই আমাৰ মুছলমান ভাই-ভনীসকলক তিনি তালাক প্ৰথাৰ টেনচনৰ পৰা মুক্তি দিয়াইছে । তিনি তালাক কু-প্ৰথাৰ বিৰুদ্ধে আমি আইন বনাইছোঁ ৷ ইয়াৰ লাভ কেৱল মহিলাসকলেই লাভ কৰা নাই ৷ মহিলাসকলৰ পৰিয়ালসমূহেও লাভ কৰিছে ইয়াৰ উপকাৰিতা । অসমৰো হাজাৰ হাজাৰ মুছলমান ভনীসকল ইয়াৰ দ্বাৰা লাভান্বিত হৈছে ৷’’

নিজকে গামোচাৰ ব্ৰেণ্ড এম্বেচাদৰ আখ্যা মোদীৰ:

অসমীয়াৰ গামোচাৰ বিষয়ে মোদীয়ে নিজৰ ভাষণত আৱেগিকভাৱে উল্লেখ কৰি কংগ্ৰেছক কৰিলে আক্ৰমণ ৷ ‘‘অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেচাদৰ খোদ মোদী ৷ কিন্তু কংগ্ৰেছৰ ইয়াক লৈয়ো সমস্যা ৷ মই অসমৰ পম্পৰাগত কাপোৰ পৰিধান কৰিলে কংগ্ৰেছে মোক কটাক্ষ কৰে ৷ অসমৰ জনতাৰ ভাৱনাৰ প্ৰতি কংগ্ৰেছৰ কোনো গুৰুত্ব নাই ।” এই বুলি গামোচা প্ৰসংগত মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰীৰ নলবাৰীৰ নিৰ্বাচনী জনসভাখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অগপৰ সভাপতি অতুল বৰা, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ উপৰিও বিজেপি মিত্ৰজোঁটৰ বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, দৰং-ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আদিও উপস্থিত থাকে ।

লগতে পঢ়ক: আজি অসমত মোদী-মমতাৰ মেজিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.