ETV Bharat / politics

আজি অসমত মোদী-মমতাৰ মেজিক - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:49 AM IST

Updated : Apr 17, 2024, 2:33 PM IST

PM MODI AND MAMTA BANERJEE ELECTION RALLIES IN aSSAM
আজি অসমত মোদী-মমতাৰ মেজিক

Lok sabha Election 2024: সমাগত লোকসভা নিৰ্বাচন ৷ ৰাজ্যত তুংগত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ নলবাৰীৰ বৰকুৰাত আজি নিৰ্বাচনী সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সমান্তৰালভাবে, ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাবলৈ আজি অসমৰ শিলচৰত উপস্থিত হ’ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ৷

আজি অসমত মোদী-মমতাৰ মেজিক

নলবাৰী, 17 এপ্ৰিল: অসমত বলিছে নিৰ্বাচনৰ বতাহ ৷ মাত্ৰ দুদিন পিচত আৰম্ভ হ’ব গণতন্ত্ৰৰ উৎসৱ ৷ অসমৰ 5 টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন 2024 ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ আজি প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অন্তিমটো দিন ৷ কিন্তু আজি অসমৰ আন দুঠাইত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিব, কাৰণ দেশৰ দুই শীৰ্ষ পৰ্যায়ৰ নেতাই আজি অসমত চলাব নিৰ্বাচনী প্ৰচাৰ ৷

আজি নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ইতিমধ্যে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মোদীয়ে ৷ যাৰ বাবে ইতিমধ্যেই নলবাৰীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী ৷ সভাত প্ৰায় 2 লক্ষাধিক লোকৰ সমাগম হ’ব বুলি বিজেপি তথা সহযোগী দলসমূহে দাবী কৰিছে ৷

এই সভাত অংশগ্ৰহণ কৰিবৰ বাবে মঙলবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ সন্ধিয়া বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী । বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলীয় নেতৃত্বই প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । বিমান বন্দৰৰ পৰা স্থলপথেৰে গুৱাহাটীৰ মাজেৰে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ আহে প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় । এক কথাত আনুষ্ঠানিকভাৱে নহ'লেও অনানুষ্ঠানিকভাৱে গুৱাহাটী মহানগৰীত ৰোড শ্ব' কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বজালে নিৰ্বাচনী ৰণদুন্দুভি । নিশাটো কইনাধৰাৰ চৰকাৰী অতিথিশালাত কটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নলবাৰীত আয়োজন কৰা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব ।

আনহাতে, একেদিনাই শিলচৰত উপস্থিত হ’ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ৷ দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব মমতা দিদি ৷ শিলচৰ টাউন ক্লাৱ খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ৷ তাৰোপৰি, কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ৷ অহা 21 এপ্ৰিলত কৰিমগঞ্জলৈ আগমন ঘটিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷

উল্লেখ্য যে, এই সমষ্টিকেইটাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়তহে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ কিন্তু ইতিমধ্যেই হেভীৱেট নেতাসকলৰ আগমন তথা নিৰ্বাচনী প্ৰচাৰে গৰম কৰি তুলিছে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷

লগতে পঢ়ক: সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' - Lok Sabha Election 2024

Last Updated :Apr 17, 2024, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.