ETV Bharat / bharat

অবৈধ প্ৰব্ৰজনে মণিপুৰৰ উগ্ৰপন্থী গোটক সহায় কৰিছে !

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 3:58 PM IST

Manipur Violence
মণিপুৰ

Manipur Violence: ম্যানমাৰত চলি থকা গৃহ কন্দলৰ বাবে মণিপুৰত বৃদ্ধি পাইছে অবৈধ প্ৰব্ৰজন ৷ প্ৰব্ৰজিত লোকসকলে মণিপুৰৰ উগ্ৰপন্থী গোটক অস্ত্ৰ-সস্ত্ৰৰে সহায় কৰিছে ৷ ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোনিক বার্তাত এইদৰে কয় মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইচাম মেঘাচন্দ্ৰই ।

মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰে ই ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : অশান্ত মণিপুৰ । বিগত ১০ মাহ ধৰি ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্যখন জাতিগত সংঘৰ্ষত জৰ্জৰিত । কিছুমান ঠাইত পূৰ্বতকৈ কিছু পৰিমাণে পৰিস্থিতি স্বাভাৱিকৰ দিশে গতি কৰিছে যদিও পাৰ্বত্য অঞ্চলৰ অধিকাংশতে এতিয়াও হিংসাত্মক ঘটনা সংঘটিত হৈ আছে । যোৱা ৯ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মৰেহ'ত কুকি উগ্ৰপন্থী সংগঠনে অসম ৰাইফলছৰ এটা বাহিনীক অত্যাধুনিক মাৰণাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰাৰ লগতে সেনা বাহিনীৰ লোকক ঘূৰাই পঠিওৱাৰ এক ভাইৰেল ভিডিঅ’ই সম্প্ৰতি সচেতন মহলক চিন্তিত কৰি তুলিছে ।

এই সমগ্ৰ বিষয়ৰ ওপৰত ই টিভি ভাৰতৰ তৰফৰ পৰা মণিপুৰৰ নিবাসী তথা মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইচাম মেঘাচন্দ্ৰৰ লগত হোৱা এক টেলিফোনিক বার্তাত তেওঁ কয় যে সম্প্ৰতি কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰে মণিপুৰৰ শান্তি শৃংখলা ঘূৰাই অনাত ব্যৰ্থ হৈছে । তেওঁ কয় যে আজিও ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত কুকি উগ্ৰপন্থীৰ দ্বাৰা গুলীৰ প্ৰত্যুত্তৰ চলি আছে । অৱশ্যে এই সমগ্ৰ দৃশ্য কুকি বিদ্ৰোহী গোটে তেওঁলোকৰ সামাজিক মাধ্যমৰ পেজত তুলি ধৰিছে ।

এক ভয়ানক দৃশ্য, যেন দুখন ৰাষ্ট্ৰৰ মাজতহে সংঘটিত হৈছে এই গুলীয়াগুলী । আইন-শৃংখলা সম্পূৰ্ণৰূপে লুপ্ত হৈ পৰিছে ৰাজ্যখনত । কংগ্ৰেছৰ সভাপতি মেঘাচন্দ্ৰই কয় যে মৰেহ, কৌতুং, মৈৰাং আদি অঞ্চলত আজিও গুলিয়াগুলী অব্যাহত আছে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে উগ্ৰপন্থীৰ সমস্যাৰ সমাধান হোৱা বুলি যি আশ্বাস প্ৰদান কৰিছে সেয়া প্ৰকৃততে হোৱা নাই বুলি কয় কেইচাম মেঘাচন্দ্ৰই ।

তেওঁ কয় যে বৰ্তমানেও প্ৰায় ৬০ হাজাৰ সংঘৰ্ষত জৰ্জৰিত লোকে শিবিৰত দিন কটাইছে আৰু খাদ্যৰ সংকটত ভুগি আছে । চৰকাৰে তেওঁলোকৰ বাবে অস্থায়ী ঘৰ নিৰ্মাণ কৰিছে যদিও সেয়া সম্পূৰ্ণ হৈ উঠা নাই । শিবিৰত থকা লোকসকলৰ মতে তেওঁলোকে অস্থায়ী ঘৰত থকাৰ পৰিৱৰ্তে তেওঁলোকৰ নিজা বাসগৃহলৈ যাবলৈ বিচাৰে সম্পূৰ্ণ সুৰক্ষা লৈ ৷ কিন্তু চৰকাৰে এই সুৰক্ষা প্ৰদান কৰাৰ দায়িত্বও পালন কৰা নাই বুলি অভিযোগ উত্থাপন কৰে মণিপুৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

তেওঁ লগতে কয় যে ম্যানমাৰত চলি থকা গৃহ কন্দলৰ বাবে আং চ্যাং ছুকীৰ অধীনত থকা পি ডি এফৰ সহযোগিতাত মণিপুৰত অবৈধ প্ৰব্ৰজন বৃদ্ধি পাইছে আৰু প্ৰব্ৰজিত লোকসকলে উগ্ৰপন্থী গোটক অস্ত্ৰ-সস্ত্ৰৰে সহায় কৰিছে ৷ মেঘাচন্দ্ৰই কয় যে মণিপুৰত অজস্ৰ কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ লোক থকাৰ পিচতো তেওঁলোকে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাই ৷ দৈনিক হৈ থকা ক্ৰছ ফায়াৰিং বন্ধ কৰিবলৈও সক্ষম হোৱা নাই ।

কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ বাহিনীৰ প্ৰেৰণ কৰিছে, কিন্তু তেওঁলোক মাত্ৰ দৰ্শক হিচাবে থিয় দি আছে । তেওঁ অভিযোগ কৰে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ক্ষেত্ৰত আজিও মৌন হৈয়েই আছে, মণিপুৰৰ থলুৱা লোকক কি প্ৰয়োজন সেই বিষয়ে আলোচনা কৰাৰ পৰা বিৰত আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ।

উল্লেখযোগ্য যে, 2021 চনত 81 জনীয়া শৰণাৰ্থীৰ এটা দলে ম্যানমাৰৰ পৰা মণিপুৰলৈ সীমান্ত অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল ৷ ম্যানমাৰৰ জুণ্টা সামৰিক বাহিনীৰ অভ্যুত্থানে আং ছান চ্যু কীৰ চৰকাৰখন উফৰাই দিয়াৰ পিচত নিৰাপত্তা বিচাৰি এই লোকসকল প্ৰৱেশ কৰে মণিপুৰত ৷ কিন্তু ইয়াৰ দুবছৰৰ পিচত মেইটেই আৰু কুকিৰ মাজত হোৱা সংঘৰ্ষত এই লোকসকল পুনৰ আৱদ্ধ হৈ পৰে ৷

আনহাতে জানুৱাৰী মাহত 10 টা শিশুকে ধৰি 81 গৰাকী শৰণাৰ্থীৰ আটাইকেইজনকে ‘বৈধ নথি-পত্ৰ’ নথকাৰ বাবে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু স্থানীয় আদালতে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাবে নহয়, বৰঞ্চ শৰণাৰ্থী হিচাবে স্বীকৃতি দিছিল । ইয়াৰ পিচত তেওঁলোকক আটক কৰা কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে যাতে তেওঁলোকক আইনী পদ্ধতি আৰু নথিপত্ৰৰ ক্ষেত্ৰত সহায় লাভ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত আৰু অন্যান্য সংস্থাসমূহৰ ওচৰলৈ যোৱাৰ সুবিধা প্ৰদান কৰা হয় ।

সম্প্ৰতি ম্যানমাৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ অবৈধ প্ৰৱজনৰ গৰাহত সোমাইছে মিজোৰাম আৰু মণিপুৰ । যদিহে এইদৰে ম্যানমাৰৰ নাগৰিক পাৰ হৈ ভাৰতত প্ৰৱেশ অব্যাহত থাকে তেন্তে তেওঁলোকৰ আশ্ৰয়, খাদ্য আদিৰ ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতত নিশ্চয় প্ৰভাৱ পৰিব আৰু তেওঁলোকক পুনৰ ম্যানমাৰলৈ পিছুৱাই ঠেলি দিয়াটো অতি কঠিন হ’ব ।

তেওঁলোক মূলতঃ মংগোলীয় জনজাতীয়, ইতিমধ্যে ম্যানমাৰৰ পৰা মণিপুৰৰ আগমনৰ সন্মুখীন হৈছে । ইয়াৰ উপৰিও ভাৰত ইতিমধ্যে ২০১৭ চনৰ আগষ্ট মাহৰ পৰা ম্যানমাৰৰ পৰা ৰোহিংগীয়াৰ প্ৰবাহৰ সমস্যাই আগুৰি ধৰিছে । হিউমেন ৰাইটছ ৱাটচৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰায় ৪০ হাজাৰ ৰোহিংগীয়াই আশ্ৰয় লৈছে আৰু ৰোহিংগীয়াৰ অবৈধ প্ৰৱেশ এতিয়াও অব্যাহত আছে । শেহতীয়াকৈ ম্যানমাৰৰ পৰা মিজোৰামলৈ জনজাতীয় লোকৰ আগমনে ভাৰতৰ বাবে আন এক সমস্যা সৃষ্টি কৰিছে ।

লগতে পঢ়ক: অসম ৰাইফলছৰ বাহনক লক্ষ্য কৰি কুকি উগ্ৰপন্থী গোটে সাজু কৰিছে অত্যাধুনিক মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.