অসম ৰাইফলছৰ বাহনক লক্ষ্য কৰি কুকি উগ্ৰপন্থী গোটে সাজু কৰিছে অত্যাধুনিক মাৰণাস্ত্ৰ
Violence hit Manipur : গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ পৰা শেহতীয়াকৈ ভাইৰেল হৈছে এটা শিহৰণকাৰী ভিডিঅ’ ৷ অত্যাধুনিক মাৰণাস্ত্ৰৰ ভয় দেখুৱাই অসম ৰাইফলছৰ বাহন আৱদ্ধ কৰা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টো ৷ ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷

Published : February 11, 2024 at 11:46 AM IST
|Updated : February 11, 2024 at 2:28 PM IST
শিলচৰ, 11 ফেব্ৰুৱাৰী: শান্ত হোৱা নাই মণিপুৰ ৷ গোষ্ঠী সংঘৰ্ষত বিধস্ত মণিপুৰৰ পৰা শেহতীয়াকৈ ভাইৰেল হোৱা এটা শিহৰণকাৰী ভিডিঅ’ই এই কথাকে অধিক দৃঢ় কৰি তুলিছে ৷ ভাইৰেল ভিডিঅ’টোত কুকি উগ্ৰপন্থী গোটে গৈ থকা অৱস্থাতে আৱদ্ধ কৰা দেখিবলৈ পোৱা গৈছে অসম ৰাইফলছৰ এখন বাহন ৷ আই.ই.ডি. ব’ল্ডাৰ পাথৰ, লঞ্চাৰ, বন্দুককে ধৰি অত্যাধুনিক মাৰণাস্ত্ৰৰ ভয় দেখুৱাই অসম ৰাইফলছৰ বাহন আৱদ্ধ কৰা দেখিবলৈ পোৱা গৈছে ৷
উল্লেখ কৰা প্ৰয়োজন যে, সংঘৰ্ষ জৰ্জৰিত ৰাজ্যখনত অসম ৰাইফলছক তেওঁলোকৰ সুৰক্ষা প্ৰদানৰ বাবেই নিয়োগ কৰা হৈছে ৷ অথচ অসম ৰাইফলছৰ বাহনক কুকি উগ্ৰপন্থী গোটে বাটত এইদৰে ভেটাৰ দৃশ্যই সচেতন লোকক বহু কথাই ভবাই তুলিছে ৷ ইয়াৰ পূৰ্বেও বাহন অৱৰোধৰ দৰে অনুৰূপ ঘটনা পোহৰলৈ আহিছিল আৰু মণিপুৰ আৰক্ষীয়ে এই অভিযোগ উত্থাপন কৰি গোচৰ পৰ্যন্ত ৰুজু কৰিছিল ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গোষ্ঠী সংঘৰ্ষত বিধস্ত মণিপুৰত অসম ৰাইফলছৰ বিৰুদ্ধে চক্ৰান্তৰ অভিযোগ উত্থাপন হৈছিল ৷ অসম ৰাইফলছক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে একাংশই প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি বিবৃতিযোগে অভিযোগ তুলিছিল সেনাবাহিনীৰ স্পিয়াৰ কৰ্পছে ৷ টুইটাৰত প্ৰকাশ কৰা এক বিবৃতিত সেনাবাহিনীৰ স্পিয়াৰ কৰ্পছে কয় যে, জনগোষ্ঠীয় হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত শান্তি ঘূৰাই অনাৰ কামত নিয়োজিত হোৱা অসম ৰাইফলছৰ ভাবমূৰ্তিক অপমান কৰাৰ বাবে চক্ৰান্ত চলিছে ।
মণিপুৰত 3 মে’ৰ পৰা জীৱন ৰক্ষা আৰু শান্তি পুনৰুদ্ধাৰৰ দিশত অদম্যভাৱে কাম কৰি থকা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী বিশেষকৈ অসম ৰাইফলছৰ ভূমিকা, উদ্দেশ্য, আৰু অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে একাংশ শত্ৰুপক্ষই বাৰাম্বাৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছে বুলিও উল্লেখ কৰিছে বিবৃতিটোত ৷
লগতে পঢ়ক: মণিপুৰ হিংসা: প্ৰতিদ্বন্দ্বী জনগোষ্ঠীৰ মাজত সংঘৰ্ষত নিহত 2, আহত 5 জন

