ETV Bharat / bharat

মণিপুৰ হিংসা: প্ৰতিদ্বন্দ্বী জনগোষ্ঠীৰ মাজত সংঘৰ্ষত নিহত 2, আহত 5 জন

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:41 PM IST

Manipur violence
দুটা বিৰোধী জনগোষ্ঠীৰ মাজত গুলীচালনা

Manipur violence : মঙলবাৰেও অশান্তি অব্যাহত থাকে মণিপুৰত ৷ পুনৰ নতুনকৈ দুটা বিৰোধী জনগোষ্ঠীৰ মাজত হোৱা গুলীচালনাৰ ফলত দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাই আৰু পাঁচজন লোক আহত হয় ।

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : নৱেম্বৰ মাহত মেইটেই সশস্ত্ৰ গোট ইউনাইটেড নেশ্যনেল লিবাৰেচন ফ্ৰণ্টৰ (ইউএনএলএফ) এটা দলে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিচতো মণিপুৰত হিংসা অব্যাহত আছে । কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ উপায়েৰে মণিপুৰৰ বিচ্ছিন্নতাৰ পোষকতা কৰা ইউএনএলএফ আৰু অন্যান্য গোটসমূহৰ ওপৰত পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল ৷

যোৱা বছৰৰ ৩ মে’ৰ পৰা হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰি আছে ৰাজ্যখনত । শেহতীয়াকৈ ইম্ফল পশ্চিম জিলাৰ কৌটৰুক গাঁৱত হোৱা গুলীচালনাৰ ফলত হতাহতিৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আৰক্ষীয়ে জানিবলৈ দিয়ে যে গুলীচালনাৰ ঘটনাৰ পিচত কমেও এজন লোক সন্ধানহীন হৈ আছে ।

মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিশিষ্ট ফৈদে ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ পৰা ব্যৱস্থা গ্ৰহণৰ আহ্বান তীব্ৰতৰ কৰাৰ মাত্ৰ কেইদিনমানৰ পাচতে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে । ১৬ জানুৱাৰীৰ পৰা দুজন আইন প্ৰয়োগকাৰী বিষয়াকে ধৰি ৯ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে । ইয়াৰ উপৰিও মণিপুৰৰ টেংগনৌপাল, থৌবাল, বিষ্ণুপুৰ আৰু ইম্ফল পশ্চিম জিলাত সংঘটিত হোৱা সংঘৰ্ষত সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজন জোৱানকে ধৰি কমেও এক ডজন লোক আহত হৈছে ।

বিগত বৰ্ষৰ মে’ মাহৰ আৰম্ভণিৰ পৰা মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিনধৰি জাতিগত সংঘৰ্ষ চলি আহিছে, যাৰ ফলত বৰ্তমানলৈকে ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । অঞ্চলটোত চলি থকা সংঘাতৰ বাবে হিংসাত্মক পৰিস্থিতি আৰু অস্থিৰতাৰ পৰা আঁতৰি আহি সুস্থ ঠাইত আশ্ৰয় বিচাৰি প্ৰায় ৬৭ হাজাৰ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে ।

মেইটেই সশস্ত্ৰ গোটৰ এটা ফৈদ ইউনাইটেড নেচনেল লিবাৰেশ্যন ফ্ৰণ্ট (UNLF)য়ে নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিত হিংসা ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি আছিল । শান্তি চুক্তিৰ পূৰ্বে নৱেম্বৰ মাহত কেন্দ্ৰই ইউএনএলএফ আৰু আন সাতটা গোটৰ ওপৰত পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল, যিবোৰক সামূহিকভাৱে মেইটেই উগ্ৰপন্থী সংগঠন বুলি জনা যায় । অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত প্ৰণয়ন কৰা এই নিষেধাজ্ঞাত সশস্ত্ৰ উপায়েৰে মণিপুৰৰ বিচ্ছিন্নতাৰ পোষকতা কৰা বুলি উল্লেখ কৰা হৈছে ।

মেইটেই-কুকি সংঘৰ্ষত গভীৰভাৱে শিপাই আছে ঐতিহাসিক আৰু আৰ্থ-ৰাজনৈতিক কাৰক ৷ যিয়ে এই সংঘাতত অৰিহণা যোগাই আছে, যাৰ ফলত হিংসাত্মক পৰিৱেশ আজিলৈকে শাম কটা নাই । পৰিস্থিতি মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ প্ৰচেষ্টাত শান্তি চুক্তি আৰু উগ্ৰপন্থী দলৰ বিৰুদ্ধে আইনী ব্যৱস্থা দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : কটকটীয়া নিৰাপত্তাৰ মাজেৰে মণিপুৰৰ কাংলা দুৰ্গত আৰম্বাই টেংগোলৰ বৈঠকৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.