ETV Bharat / bharat

অৰবিন্দ কেজৰিৱালৰ বাসগৃহত ই ডিৰ দল: গ্ৰেপ্তাৰৰ সম্ভাৱনা - Arvind Kejriwal

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 8:55 PM IST

Updated : Mar 21, 2024, 9:37 PM IST

Arvind Kejriwal: অৱশেষত অৰবিন্দ কেজৰিৱালৰ বাসগৃত উপস্থিত ই ডিৰ দল ৷ দশমবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক দিয়া হ’ল চমন ৷ সুৰানীতি কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা ৷

Arvind Kejriwal
অৰবিন্দ কজৰিৱালৰ বাসগৃহত ইডিৰ দল

নতুন দিল্লী, 21 মাৰ্চ: অৱশেষত অৰবিন্দ কেজৰিৱালৰ বাসগৃত উপস্থিত হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ দল ৷ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হয় ই ডিৰ 12 জনীয়া এটা দল ৷ আবকাৰী নীতি সম্পৰ্কীয় এক গোচৰত অভিযুক্ত আপৰ মুখ্য আহ্বায়কগৰাকীক সুৰক্ষা প্ৰদান কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰাৰ পিচতে কেজৰিৱালৰ বাসগৃহত প্ৰৱৰ্তন সঞ্চালকালয়ৰ দলটো উপস্থিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে সুৰানীতি সম্পৰ্কীয় গোচৰত অভিযুক্ত অৰবিন্দ কেজৰিৱালক বহুকেইবাৰ চমন জাৰি কৰাৰ পিচতো উপস্থিত হোৱা নাছিল সংস্থাটোৰ সন্মুখত ৷ অৱশেষত কেজৰিৱালৰ বাসগৃহলৈ গৈ দশমখন চমন দিবলৈ উপস্থিত হয় ই ডিৰ দলটো ৷

উল্লেখ্য যে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু মনোজ জৈনৰ বিচাৰপীঠে কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰটোৰ সন্দৰ্ভত তেওঁক সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ৷

বিচাৰপীঠখনে ২২ এপ্ৰিলত আপ নেতাজনৰ আবেদনৰ ভিত্তিত অধিক বিবেচনাৰ বাবে তালিকাভুক্ত কৰিছিল ৷ ই ডিৰ চমনক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বান জনোৱা সন্দৰ্ভত আবেদনৰ শুনানিৰ বাবে দিন স্থিৰ কৰা হৈছিল আৰু প্ৰৱৰ্তন সঞ্চালকালয়ক উক্ত আবেদনৰ প্ৰতি উত্তৰ দিবলৈ কোৱা হৈছিল ৷

উল্লেখ্য যে ২০২১-২২ বৰ্ষত দিল্লী চৰকাৰৰ আবকাৰী নীতি প্ৰস্তুত আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতি আৰু ধন ৰপ্তানিৰ সন্দৰ্ভত অভিযুক্ত কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক ৷

উক্ত অভিযোগতে আপৰ নেতা মনীষ চিছোদিয়া আৰু সঞ্জয় সিং সম্প্ৰতি ন্যায়িক জিম্মাত আছে । ই ডিৰ দ্বাৰা দাখিল কৰা অভিযোগপত্ৰত কেজৰিৱালৰ নামো উল্লেখ কৰা হৈছিল । সংস্থাটোৱে অভিযোগ কৰে যে অভিযুক্তসকলে আবকাৰী নীতি প্ৰস্তুত কৰাৰ বাবে কেজৰিৱালৰ সৈতে যোগাযোগ কৰিছিল ৷

লগতে পঢ়ক: কেজৰিৱালে ইডিৰ সন্মুখত হাজিৰ নোহোৱাৰ কাৰণ বিচাৰিলে দিল্লী হাইকোৰ্টে

Last Updated :Mar 21, 2024, 9:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.