ETV Bharat / bharat

অপেক্ষা আৰু কিছু মুহূৰ্ত; অৰবিন্দ কেজৰিৱালৰ জামিন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে দিব ৰায় - DELHI HC VERDICT ON KEJRIWAL BAIL

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 12:12 PM IST

Hearing on Kejriwal Bail : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত আজি দিনৰ ২.৩০ বজাত দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান দিব । ৩ এপ্ৰিলৰ দিনা আদালতে এই গোচৰৰ সিদ্ধান্ত সংৰক্ষিত কৰি ৯ এপ্ৰিলৰ তাৰিখটো দিছিল ।

অৰবিন্দ কেজৰিৱালৰ জামিন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে দিব ৰায়
অৰবিন্দ কেজৰিৱালৰ জামিন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে দিব ৰায়

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জেলত থাকিব নে জামিন লাভ কৰিব সেয়া আজি সিদ্ধান্ত ল’ব দিল্লী উচ্চ ন্যায়ালয়ে । কেজৰিৱাল সন্দৰ্ভত দুপৰীয়া ২:৩০ বজাত ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই ৰায় ঘোষণা কৰিব । যোৱা ২৩ মাৰ্চত কেজৰিৱালে এই গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল । ৩ এপ্ৰিলত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।

ইয়াৰ পূৰ্বে ১ এপ্ৰিলত ৰাউজ এভিনিউ আদালতে কেজৰিৱালৰ আবেদন নাকচ কৰি ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । তেতিয়াৰ পৰা কেজৰিৱাল তিহাৰ জেলতে আছে ৷ ইতিমধ্যে সকলোৰে জ্ঞাত যে অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত সুৰা নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ত গ্ৰেপ্তাৰ আৰু আটক কৰাক প্ৰত্যাহ্বান জনাইছিল আৱেদন দাখিল কৰিছিল ।

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচত কি হৈছে ?

  • ২১ মাৰ্চত কেজৰিৱালে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।
  • এই আবেদন ২২ মাৰ্চ অৰ্থাৎ ঠিক পিছদিনাই প্ৰত্যাহাৰ কৰা হৈছিল ।
  • ২২ মাৰ্চত ইডিয়ে ৰাউজ এভিনিউৰ আদালত কেজৰিৱালক হাজিৰ কৰাইছিল ।
  • ২৮ মাৰ্চৰ ভিতৰত আদালতে কেজৰিৱালক ইডি ৰিমাণ্ডত প্ৰেৰণ কৰে ।
  • ৰাউজ এভিনিউ আদালতে এই ৰিমাণ্ড ১ এপ্ৰিললৈকে বৃদ্ধি কৰে ।
  • ১ এপ্ৰিলত আদালতে কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
  • ২৩ মাৰ্চত কেজৰিৱালে গ্ৰেপ্তাৰ-ৰিমাণ্ডৰ বিৰুদ্ধে দিল্লী উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।
  • ২৭ মাৰ্চত উচ্চ ন্যায়ালয়ে ইডিক জাননী জাৰি কৰি ২ এপ্ৰিলৰ ভিতৰত ইয়াৰ উত্তৰ বিচাৰিছিল ।
  • ৩ এপ্ৰিলৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত সংৰক্ষণ কৰি ৯ এপ্ৰিলৰ তাৰিখ দিছিল ।

কিয় গ্ৰেপ্তাৰ হ’ল কেজৰিৱালক ?

ইডিৰ তদন্তত দিল্লীত সুৰা কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল ৷ এই গোচৰতে মুখ্যমন্ত্ৰী কেজৰিৱালকো গ্ৰেপ্তাৰ কৰা হৈছিল । অৱশ্যে গ্ৰেপ্তাৰ কৰাৰ আগতে ইডিয়ে ৯ বাৰ চমন প্ৰেৰণ কৰিছিল । এই চমন ১৭ মাৰ্চ, ২৭ ফেব্ৰুৱাৰী, ২৬ ফেব্ৰুৱাৰী, ২২ ফেব্ৰুৱাৰী, ২ ফেব্ৰুৱাৰী, ১৭ জানুৱাৰী, ৩ জানুৱাৰী আৰু ২০২৩ চনত ২১ ডিচেম্বৰ আৰু ২ নৱেম্বৰত প্ৰেৰণ কৰা হৈছিল ।

ইডিৰ এই চমনৰক পাচতো কেজৰিৱাল এবাৰো জাৰি হোৱা নাছিল । অৱশেষত ২১ মাৰ্চত ইডিৰ এটা দলে দশম চমন আৰু চাৰ্চ ৱাৰেণ্ট লৈ কেজৰিৱালৰ ঘৰত উপস্থিত হয় । সেইদিনাই তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক : দিল্লীক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে : আপৰ বিধায়ক - DELHI CM ARVIND KEJRIWAL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.