ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপালৰ বিৰুদ্ধে চিবিআইৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 2:03 PM IST

Kiru Hydropower Project Corruption
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপালৰ বিৰুদ্ধে চিবিআইৰ অভিযান

Ex Governor Satya Pal Malik: জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহকে ধৰি তেওঁৰ সৈতে সম্পৰ্কিত কেইবাটাও স্থানত চিবিআইৰ অভিযান । কিৰু জলবিদ্যুৎ প্ৰকল্পৰ চুক্তিৰ দুৰ্নীতি সম্পৰ্কী গোচৰত তেওঁৰ বিৰুদ্ধে এই অভিযান । এই অভিযানক লৈ শংকিত নহয় মালিক । কৃষকসকলক সমৰ্থনৰ আশ্বাস প্ৰাক্তন ৰাজ্যপালৰ ।

নেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী : কিৰু জলবিদ্যুৎ প্ৰকল্পৰ চুক্তিৰ দুৰ্নীতিৰ গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত চিবিআইয়ে বৃহৎ অভিযান চলাইছে । প্ৰাক্তন ৰাজ্যপালগৰাকী বাসগৃহকে ধৰি তেওঁৰ সৈতে জড়িত ৩০ টা স্থানত অভিযান চলাইছে । তেওঁৰ প্ৰাক্তন প্ৰেছ উপদেষ্ট, ৩ গৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু অন্যান্য লোকৰ বিৰুদ্ধেও চিবিআইয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।

এই গোচৰটো ২০১৯ চনত কিষ্টৱাৰত ২,২০০ কোটি টকাৰ কিৰু জল বৈদ্যুতিক শক্তি প্ৰকল্পৰ (এইচইপি) কামৰ ঠিকা আৱণ্টনত কথিত দুৰ্নীতিৰ অভিযোগৰ সৈতে সম্পৰ্কিত । সামাজিক মাধ্যমৰ এটা পোষ্টত মালিকে এই অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ যোৱা তিনি-চাৰি দিন ধৰি অসুস্থ হৈ আছে আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছে । তাৰ পিচতো স্বৈৰাচাৰী চৰকাৰী সংস্থাৰ জৰিয়তে তেওঁ ঘৰত তালাচী চলোৱা হৈছে । তেওঁৰ চালক আৰু সহায়কৰ বিৰুদ্ধেও তালাচী চলোৱা হৈছে । তেওঁলোকক অপ্ৰয়োজনীয়ভাৱে হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰে মালিকে । মালিকে লগতে দাবী কৰে যে তেওঁ এগৰাকী কৃষকৰ পুত্ৰ আৰু তেওঁ এই অভিযানবোৰক লৈ ভয় নকৰে । মালিকে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে তেওঁ সদায় কৃষকসকলৰ সৈতে আছে ।

মালিকে ২০১৮ চনৰ ২৩ আগষ্ট আৰু ২০১৯ চনৰ ৩০ অক্টোবৰৰ ভিতৰত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । চলিত বৰ্ষৰ ২৯ জানুৱাৰীত চিবিআইয়ে ৰাজহুৱা কামৰ বাবে নিবিদা প্ৰদানত অনিয়মৰ অভিযোগ সম্পৰ্কীয় এটা গোচৰত চলি থকা তদন্তৰ অংশ হিচাপে দিল্লী আৰু জম্মু-কাশ্মীৰৰ প্ৰায় ৮ টা স্থানত তালাচী চলাইছিল । সংস্থাটোৱে কৈছে যে কিৰু জলবিদ্যুৎ প্ৰকল্পটো চেনাব ভেলী পাৱাৰ প্ৰজেক্টছ প্ৰাইভেট লিমিটেডে ৰূপায়ণ কৰিছে ।

অভিযানৰ সময়ত ২১ লাখ টকাতকৈও অধিক নগদ ধন, ডিজিটেল সামগ্ৰী, কম্পিউটাৰ, সম্পত্তিৰ নথিপত্ৰ আৰু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছে বুলিও চিবিআইয়ে উল্লেখ কৰিছে । চিবিআইৰ বিবৃতিত কৈছে যে অভিযোগ কৰা হৈছে কিৰু জলবিদ্যুৎ প্ৰকল্পৰ সৈতে সম্পৰ্কিত ৰাজহুৱা কামৰ আৱণ্টনত, ই-টেণ্ডাৰিং সম্পৰ্কীয় নিৰ্দেশনা অনুসৰণ কৰা হোৱা নাছিল । যোৱা বছৰৰ ডিচেম্বৰত চিবিআইয়ে দিল্লী, নয়ডা, চণ্ডিগড় আৰু চিমলাৰ ৬ টা স্থানত তালাচী চলাইছিল ।

লগতে পঢ়ক:খানাউৰী সংঘৰ্ষত প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিচতে দুদিনলৈ স্থগিত দিল্লী চলো কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.