ETV Bharat / bharat

খানাউৰী সংঘৰ্ষত প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিচতে দুদিনলৈ স্থগিত দিল্লী চলো কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:22 AM IST

Updated : Feb 22, 2024, 10:32 AM IST

Farmers Protest : দিল্লী চলো পদযাত্ৰা দুদিনৰ বাবে স্থগিত কৰা হৈছে ৷ কিয়নো খানাউৰীত আৰক্ষী আৰু কৃষক প্ৰতিবাদকাৰীৰ সংঘৰ্ষত মৃত্যু হয় এজন কৃষকৰ ৷ মৃত কৃষকজন পঞ্জাৱৰ বাথিণ্ডা জিলাৰ বালোকে গাঁৱৰ বাসিন্দা শুভকৰণ সিং (২১) বুলি চিনাক্ত কৰা হৈছে ।

Farmers Protest
দুদিনলৈ স্থগিত দিল্লী চালো প্ৰতিবাদ

নেশ্যনেল ডেস্ক ২২ ফেব্ৰুৱাৰী : পঞ্জাব-হাৰিয়ানা সীমান্তৰ দুটা প্ৰতিবাদী স্থানৰ ভিতৰত অন্যতম খানাউৰীত সংঘটিত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে প্ৰায় ১২ জন আৰক্ষী জোৱান আহত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কৃষক নেতাসকলে ‘দিল্লী চলো’ পদযাত্ৰা দুদিনৰ বাবে স্থগিত ৰাখিছে বুলি জানিব পৰা গৈছে ।

কৃষক নেতা চাৰৱান সিং পান্ধেৰে (Farmer leader Sarwan Singh Pandher) কয় যে শুকুৰবাৰে বিয়লি তেওঁলোকে পৰৱৰ্তী পন্থা সিদ্ধান্ত গ্ৰহণ কৰিব । দেওবাৰে নিশা তিনিজন কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে চতুৰ্থ পৰ্যায়ৰ আলোচনাৰ পিচত দুদিনৰ স্থগিতাদেশ জাৰি কৰে ৷ অৱশ্যে সোমবাৰে পুৱাই পুনৰ আন্দোলন আৰম্ভ কৰিছিল খানাউৰী আৰু শম্ভুৰ পঞ্জাবৰ কৃষকসকলে ।

ইফালে ৰাষ্ট্ৰীয় ৰাজধানীলৈ গতি কৰা এই যাত্ৰাক বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে সীমান্তৰ দুটা স্থানত একাধিকবাৰ কন্দুৱা গেছৰ গুলী চলাই প্ৰতিবাদকাৰীৰ দলসমূহক ছত্ৰভংগ দিয়ে । ইয়াৰ পূৰ্বে কৃষক নেতাসকলৰ সৈতে যোগাযোগ কৰা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভিতৰত থকা কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডাই প্ৰতিবাদকাৰীসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছিল ।

শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP) আৰু পামৰ ঋণ ৰেহাইৰ দাবীত হাজাৰ হাজাৰ কৃষকে খানাউৰী আৰু শম্ভূত শিবিৰ পাতি আছে । কৃষক নেতা বলদেৱ সিং ছিৰছাই মৃত কৃষকজনক পঞ্জাৱৰ বাথিণ্ডা জিলাৰ বালোকে গাঁৱৰ বাসিন্দা শুভকৰণ সিং (২১) বুলি চিনাক্ত কৰে ।

পাটিয়ালাস্থিত ৰাজিন্দ্ৰ হাস্পতালৰ চিকিৎসা অধীক্ষক এইচ এছ ৰেখীয়ে সাংবাদিকৰ আগত জনোৱা মতে, খানাউৰীৰ পৰা তিনিজন লোকক অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত অনা হৈছে । তাৰে এজন মৃত লোকৰ মূৰত আঘাতৰ চিন স্পষ্ট ৷ অৱশ্যে বাকী দুজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি উল্লেখ কৰে চিকিৎসক ৰেখীয়ে ৷ লগতে তেওঁ কয় যে মৃত্যু হোৱা লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব ৷

ৰাহুল গান্ধীৰ শোক প্ৰকাশ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষক আন্দোলনৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম (X)ত পোষ্ট কৰি লিখিছে, "খানাউৰী সীমান্তৰ গুলীচালনাত মৃত্যু হোৱা যুৱ কৃষক শুভকৰণ সিঙৰ খবৰটো অতি হৃদয় বিদাৰক’’ ।

ম’বাইল ইণ্টাৰনেট নিষেধাজ্ঞা বৃদ্ধি : কৃষকৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানা চৰকাৰে ৭ খন জিলাত ইতিমধ্যে থকা ম’বাইল ইণ্টাৰনেট নিষেধাজ্ঞা বৃদ্ধি কৰিছে । এতিয়া ২৩ ফেব্ৰুৱাৰীৰ মাজ নিশা ১২ তাৰিখলৈকে আম্বালা, কুৰুক্ষেত্ৰ, হিছাৰ, ফতেহাবাদ, ছিৰছা, কাইথাল, জিন্দত ম’বাইল ইন্টাৰনেট নিষিদ্ধ কৰা হ'ব ।

SKM ৰ বৈঠক : কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত ভাৰতীয় কিষাণ সংঘৰ নেতা ৰাকেশ টিকাইটে কয়, ‘‘এই আন্দোলন অব্যাহত থাকিব ৷ আলোচনাৰ জৰিয়তেহে সমাধান হ’ব । বৃহস্পতিবাৰে ​​এছ কে এম (ইউনাইটেড কিষাণ মৰ্চা)ৰ এখন বৈঠক অনুষ্ঠিত কৰি কি কৰিব সেইটো সিদ্ধান্ত লোৱা হ’ব’’ ।

লগতে পঢ়ক : পুনৰ আৰম্ভ হ’ব কৃষকৰ প্ৰতিবাদ; দিল্লী সীমান্তত নিৰাপত্তা বৃদ্ধি

Last Updated : Feb 22, 2024, 10:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.