ETV Bharat / bharat

অসম ৰাইফলছৰ অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী; দুজনক গ্ৰেপ্তাৰ

Assam Rifles against illegal smuggling : অসম ৰাইফলছে মিজোৰামৰ এনগোপাত অভিযান চলাই উদ্ধাৰ কৰে বিস্ফোৰক সামগ্ৰী ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ দুজন ৷ উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আৰক্ষীক গতাই দিয়ে অসম ৰাইফলছে ৷

Assam Rifles recovers explosives in Mizoram's Ngopa, two apprehended
Assam Rifles recovers explosives in Mizoram's Ngopa, two apprehended
author img

By ANI

Published : February 28, 2024 at 12:56 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী: মিজোৰামৰ এনগোপাত অসম ৰাইফলছে অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিষয়াসকলে জনোৱা মতে, অসম ৰাইফলছে ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ লগতে 10 টা প্লাষ্টিক বিস্ফোৰক, 10 টা ডিটনেটৰ, 12 টা ফিউজ, 03 টা কৰ্ডটেক্স আৰু কৰ্ডটেক্স পাউদাৰৰ উপৰিও দুখন বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এনগোপাৰ জেনেৰেল এৰিয়া টি গাৰ্ডেন জংচনত বিস্ফোৰক আৰু আনুষংগিক সামগ্ৰীৰ আদান-প্ৰদান সন্দৰ্ভত নিৰ্দিষ্ট চোৰাংচোৱাগিৰিৰ ভিত্তিত কাম কৰে অসম ৰাইফলছে আৰু সোমবাৰে এটা চলমান বাহন চেক পোষ্ট স্থাপন কৰি দুজন লোকক আটক কৰিবলৈ সক্ষম হয় বুলি অসম ৰাইফলছে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় । উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আৰক্ষীক গতাই দিয়া হৈছে ।

বিষয়টো সন্দৰ্ভত অধিক তদন্ত আৰম্ভ হৈছে ।

ইফালে আন এক ঘটনাত অসম ৰাইফলছে ম্যানমাৰৰ পাঁচজন নাগৰিকক আটক কৰি লংটলাই জিলাৰ পৰা বিদেশী মুদ্ৰাৰ বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে । অবৈধ সৰবৰাহৰ বিৰুদ্ধে বৃহৎ সফল অভিযানত অসম ৰাইফলছে মিজোৰামৰ লংটলাই জিলাৰ জেনেৰেল এৰিয়া বুংটলাঙত আৰম্ভ কৰা দুটা ভিন্ন অভিযানত বিপুল পৰিমাণৰ নগদ ধন (ম্যানমাৰ আৰু ভাৰতীয় মুদ্ৰা) উদ্ধাৰ কৰাৰ লগতে পাঁচজন ম্যানমাৰ নাগৰিকক আটক কৰিবলৈ সক্ষম হয় বুলি অসম ৰাইফলছে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে ।

লংটলাই জিলাৰ সাধাৰণ এলেকা বুংটালাঙত বিপুল পৰিমাণৰ নগদ ধন আদান-প্ৰদান সন্দৰ্ভত নিৰ্দিষ্ট তথ্য লাভ কৰাৰ লগে লগে 24 আৰু 25 ফেব্ৰুৱাৰীত অসম ৰাইফলছে দুটা ভিন্ন অভিযান আৰম্ভ কৰে । অভিযানত ম্যানমাৰৰ কিয়াট মুদ্ৰা 12,48,76,000 আৰু16,45,000 টকাৰ ভাৰতীয় মুদ্ৰা উদ্ধাৰ কৰে । এই অভিযানত মুঠ পাঁচজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে ৷

উদ্ধাৰ হোৱা অবৈধ সামগ্ৰীবোৰ আৰু ধৃতকেইজনক বুংটালাং থানাত গতাই দিয়া হৈছে ।

লগতে পঢ়ক: অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত অমিত শ্বাহ