অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত অমিত শ্বাহ

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 9:24 PM IST

thumbnail

তেজপুৰ, ১৮ জানুৱাৰী: তিনিদিনীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৃস্পতিবাৰে শ্বিলঙত উপস্থিত হয় । অমিত শ্বাহে আজি সন্ধিয়া অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নাইৰৰ উপস্থিতিত শ্বিলঙৰ লাইটকোৰস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত এটা চাইবাৰ ছিকিউৰিটি অপাৰেশ্যন চেন্টাৰ উদ্বোধন কৰে ।

উক্ত চাইবাৰ ছিকিউৰিটি অপাৰেশ্যন চেন্টাৰে অসম ৰাইফলছৰ বৃহত্তৰ এৰিয়া নেটৱৰ্কত বাস্তৱ সময়ৰ নিৰীক্ষণ কৰা আৰু বাহ্যিক ভাবুকিৰ প্ৰশমন ঘটাই চাইবাৰ উলংঘা প্ৰতিৰোধ কৰি বাহিনীটোৰ চাইবাৰ সুৰক্ষা শক্তিশালী কৰিব ।

উল্লেখ্য যে উক্ত চাইবাৰ ছিকিউৰিটি অপাৰেশ্যন চেণ্টাৰত ২৪ x ৭ সেৱা প্ৰদান কৰিবলৈ অত্যাধুনিক নেটৱৰ্ক আৰু ডাটা মনিটৰিং ডিভাইচ সজ্জিত কৰা হৈছে । আনহাতে গৃহমন্ত্ৰীগৰাকী শুকুৰবাৰে বিয়লি তেজপুৰত উপস্থিত হৈ এছিয়াৰ বৃহত্তম শিৱলিংগ থকা মহাভৈৰৱ মন্দিৰত দৰ্শন কৰিব ৷ বিয়লি ৪ বজাত মন্দিৰ দৰ্শনৰ পিচতেই গৃহমন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ অমিত শ্বাহৰ, তেজপুৰত দুদিনীয়া কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.