ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ অমিত শ্বাহৰ, তেজপুৰত দুদিনীয়া কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 3:41 PM IST

Amit Shah NE Visit: শুকুৰবাৰে তেজপুৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ তেজপুৰত গৃহমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী হ’ব দুদিনীয়া ৷ দৰ্শন কৰিব মহাভৈৰৱ মন্দিৰ ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ৷

Amit Shah tezpur visit
তেজপুৰলৈ অমিত শ্বাহ

তেজপুৰ, ১৮ জানুৱাৰী: তিনিদিনীয়া ভ্ৰমণসূচী লৈ বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব তেজপুৰো ৷

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ প্ৰথমটো দিনত অৰ্থাৎ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমে মেঘালয়স্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অসম ৰাইফলছৰ চাইবাৰ অ’পাৰেশ্যন চেণ্টাৰ মুকলি কৰিব সন্ধিয়া ৫.৩০ বজাত ৷ অসম ৰাইফলছৰ উক্ত কেন্দ্ৰটোৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চাইবাৰ অপাৰাধৰ গতিবিধি নিৰীক্ষণ কৰা হ’ব ৷

বিশেষ সূত্ৰে জানিব পৰা মতে অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ পিচতে গৃহমন্ত্ৰীগৰাকী শুকুৰবাৰে তেজপুৰত উপস্থিত হ’ব ৷ শুকুৰবাৰে বিয়লি তেজপুৰত উপস্থিত হৈ এছিয়াৰ বৃহত্তম শিৱলিংগ থকা মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব ৷ বিয়লি চাৰি বজাত মহাভৈৰৱ মন্দিৰ দৰ্শনৰ পিচতেই গৃহমন্ত্ৰী শ্বাহে তেজপুৰ বিশ্ববিদ্যালয়ত এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ অনুষ্ঠানৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ শ্বাহে নিশা তেজপুৰ আৱৰ্ত ভৱনত কটোৱাৰ পিচতে শনিবাৰে তেজপুৰৰ শালনিবাৰীস্থিত সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ প্ৰশিক্ষণ শিৱিৰত উপস্থিত হৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলগীয়া মাৰ্চ-পাষ্টত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

গৃহমন্ত্ৰীগৰাকীৰ উক্ত কাৰ্যসূচীৰ পিচতে শোণিতপুৰ জিলাৰ ঠেলামৰাত বৃস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাথৌ মহাসভাৰ ত্ৰয়োদশ বাৰ্ষিক তৃতীয় সন্মিলনত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে প্ৰায় ৫০ হাজাৰ বাথৌ ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ বিশ্বশান্তিৰ বাবে আয়োজন কৰিছে এই প্ৰাৰ্থনা সভা৷ বিশ্বশান্তিৰ বাবে আয়োজন কৰা উক্ত প্ৰাৰ্থনা সভা মুকলি কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে বিশ্বশান্তিৰ বাবে আয়োজন কৰা উক্ত প্ৰাৰ্থনা সভাত নেপাল,ভূটান আৰু থাইলেণ্ডৰ বাথৌ ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰিব ৷

বাথৌ ধৰ্মাৱলম্বী লোকসকলৰ উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ পিচতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীলৈ উৰা মাৰিব ৷

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰা : অসম পালেহি ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.