ETV Bharat / bharat

শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 6 জনে - Road Accident In Sawai Madhopur

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 1:54 PM IST

Road Accident In Sawai Madhopur: ছাৱাই মাধোপুৰৰ গণেশ মন্দিৰ অভিমুখে গৈ থকা অৱস্থাতে শোকাৱহ দুৰ্ঘটনাত মৃত্যু ঘটিল 6 জনৰ ৷ 2 জন আহত ৷ এতিয়াও কৰায়ত্ত কৰিব পৰা হোৱা নাই দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ গৰাকীক ৷

Six members of a family killed in road accident in Rajasthan, 2 injured
শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 6 জনে (Etv bharat rajasthan)

নেশ্যনেল ডেস্ক, 5 মে’ : ৰাজস্থানত শোকাৱহ দুৰ্ঘটনা ৷ ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাত দেওবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ দুখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এটা পৰিয়ালৰ কমেও 6 জন সদস্যই প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰে দুজন লোক আহত হয় । দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ বানাছ নদী দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

আৰক্ষীয়ে জনোৱা মতে, পৰিয়ালটো ছাৱাই মাধোপুৰৰ গণেশ মন্দিৰ অভিমুখে দৰ্শন ল’বৰ বাবে গৈ আছিল । বনলী থানাৰ উপ-পৰিদৰ্শক ধৰ্মপাল সিঙে এই সন্দৰ্ভত কয়, "এখন অচিনাক্ত বাহনে এখন গাড়ীত খুন্দা মৰাৰ ফলত এটা পৰিয়ালৰ ছয়জন সদস্য নিহত আৰু দুজন আহত হয় ।"

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোত কৰুণভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত আছে মনীষ শৰ্মা আৰু তেওঁৰ পত্নী অনিতা, কৈলাশ শৰ্মা আৰু তেওঁৰ পত্নী সন্তোষ আৰু সতীশ শৰ্মা আৰু তেওঁৰ পত্নী পুনম । আঘাতপ্ৰাপ্ত তেওঁলোকৰ 2 সন্তান মনন আৰু দীপালীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক তথা গৰাকীক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ পৰিয়ালৰ সদস্য উপস্থিত হোৱাৰ পাচতে শেষকৃত সম্পন্ন কৰা হ’ব ।

আৰক্ষীয়ে চিচিটিভি ফুটেজ তদন্ত কৰিব : ঘটনাৰ তথ্য লাভ কৰাৰ পাচতে বনলী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ভিতৰৰ পৰা উলিয়ায় । আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখন এতিয়াও কৰায়ত্ত কৰিব পৰা হোৱা নাই । উক্ত স্থানত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজ উলিয়াই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : সামৰিক বাহন দুৰ্ঘটনাত সেনা বিষয়া নিহত; আন কেবাজনো আহত - MILITARY VEHICLE ACCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.