ETV Bharat / bharat

লক্ষ্ণৌত চিলিণ্ডাৰ বিস্ফোৰণত শিশুসহ ৫ নিহত, আহত ৪

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 2:00 PM IST

লক্ষ্নৌত শ্বৰ্ট চাৰ্কিটৰ ফলত চিলিণ্ডাৰ বিস্ফোৰণ ৷ এই ঘটনাত থিতাতে নিহত শিশুসহ ৫ গৰাকী, আনহাতে আহত হয় ৪ গৰাকী ৷ আহতসকলক সংকটজনক অৱস্থাত ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ ৷

Lucknow Cylinder Blast
লক্ষ্ণৌত চিলিণ্ডাৰ বিস্ফোৰণ

নিউজ ডেস্ক, 6 মাৰ্চ: উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ কাকোৰী চহৰৰ হাটা হজৰত চাহেব ৱাৰ্ডত মঙলবাৰে নিশা ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত ৫ জন লোক অগ্নিদগ্ধ হৈ অকাল মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷ আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে নিহতসকলৰ ভিতৰত তিনিটি শিশুও আছে ।

Lucknow Cylinder Blast
লক্ষ্ণৌত চিলিণ্ডাৰ বিস্ফোৰণ

ইফালে অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহনে বহু সময় ধৰি চলোৱা চেষ্টাৰ পাচত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । কাকোৰী আৰক্ষী থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত শ্বাকিল আহমেদে জানিবলৈ দিয়া মতে, উক্ত ৱাৰ্ডটোত জাৰ্দোজিৰ শিপিনী মুছিৰ ওৰফে পুট্টু পৰিয়ালৰ সৈতে বাস কৰিছিল । অগ্নিকাণ্ডৰ সময়ত ঘৰটোত মুশ্বী (৫০), পত্নী হুছন বানো, ভাতৃ বাবলুৰ (৪৫) লগতে তেওঁৰ ভনীজোৱাই আজমদৰ দুই কন্যা উমা (০৪), হিনা (০২), ভতিজী ৰাইয়াকে (০৭) ধৰি বহু লোক উপস্থিত আছিল ।

Lucknow Cylinder Blast
লক্ষ্ণৌত চিলিণ্ডাৰ বিস্ফোৰণ

মুশ্বীৰ আৰু বানোৰ বিবাহ বাৰ্ষিকীৰ বাবে সকলো গোট খাইছিল । এই সময়চোৱাত নিশা প্ৰায় ১০.৩০ বজাত ঘৰৰ দ্বিতীয় মহলাত শ্বৰ্ট চাৰ্কিটৰ ফলত ওচৰতে ৰখা দুটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ বিস্ফোৰণটো ইমানেই তীব্ৰ আছিল যে, ঘৰৰ চাদ পৰ্যন্ত ভাঙি পৰে । যাৰফলত ঘটনাস্থলীতেই মুশ্বীৰ, হুছন বানো, উমা, হিনা আৰু ৰাইয়া অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । ইফালে মুশ্বীৰৰ কন্যা ঈশা (১৭), লকাব (২১), আজমদ (৩৪) আৰু মুশ্বীৰৰ ভাতৃ বাবলুৰ কন্যা আনম (১৮ বছৰ) গুৰুতৰভাবে অগ্নিদগ্ধ হয় ।

লগতে পঢ়ক: ঢাকাৰ শ্বপিং মলত বিধ্বংসী অগ্নিকাণ্ড, ৪৩ জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.