ETV Bharat / bharat

ঢাকাৰ শ্বপিং মলত বিধ্বংসী অগ্নিকাণ্ড, ৪৩ জন লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 11:21 AM IST

Updated : Mar 1, 2024, 12:49 PM IST

Bangladesh shopping mall fire
সৌজন্য- ইণ্টাৰনেট

Bangladesh shopping mall fire : বাংলাদেশৰ ঢাকাত এটা ছয় মহলীয়া শ্বপিং মলত বিধ্বংসী অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হয় ।

নেশ্যনেল ডেস্ক, 1 মাৰ্চ : বাংলাদেশৰ ৰাজধানী ঢাকাত বৃহস্পতিবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ নিশাটোৰ ভিতৰতে চহৰখনৰ মাজমজিয়াতে থকা গ্ৰীণ কোজি কটেজ নামৰ এটা ছয় মহলীয়া শ্বপিং মলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত কমেও 43 জন লোক নিহত হোৱাৰ লগতে আৰু ভালেসংখ্যক লোক আহত হয় বুলি জানিব পৰা গৈছে ৷

দেশখনৰ স্বাস্থ্যমন্ত্ৰী সামন্ত লাল সেনে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে যে বৃহস্পতিবাৰে মাজনিশাৰ ভাগত ঢাকাৰ ডাউনটাউন অঞ্চলতস্থিত শ্বপিং মলটোত দাউদাউকৈ জুই লাগে ৷ এই অগ্নিকাণ্ডত 43 গৰাকী লোক অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে ৷ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে ৷

আনহাতে উদ্ধাৰকাৰী দল উপস্থিত হৈ জীৱিত লোকসকলক উদ্ধাৰ কৰাৰ লগতে মৃতদেহকেইটা উলিয়াই আনে ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱতি নিশালৈকে প্ৰায় 43 গৰাকী লোকৰ মৃত্যু হয় আৰু প্ৰায় 22 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷

ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীয়ে কয় যে, ৰাজধানী চহৰখনৰ মাজ মজিয়াতে থকা বাণিজ্যিক জিলাৰ মলটোৰ প্ৰথম মহলাত থকা এখন জনপ্ৰিয় ৰেষ্টোৰাত অগ্নিৰ সূত্ৰপাত হৈছিল ৷ বহু লোক জুইৰ ফলত মলটোত আৱদ্ধ হৈ পৰিছিল ৷ অৱশ্যে প্ৰাৰম্ভিক অনুসন্ধানত অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ পৰা হোৱা নাই ৷

স্বাস্থ্যমন্ত্ৰী সেনে কয় যে, ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মহিলা আৰু শিশুসহ কমেও 33 জন লোকক মৃত ঘোষণা কৰা হৈছে ৷ আনহাতে শ্বেখ হাছিনা নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ণ এণ্ড প্লাষ্টিক চাৰ্জাৰীলৈ নিয়াৰ পিচত কমেও 10 জন লোকৰ মৃত্যু হয় ।

এই অগ্নিকাণ্ডৰ ঘটনাত জুই নিৰ্বাপন কৰিবলৈ প্ৰায় 12 ৰো অধিক অগ্নিনিৰ্বাপক গোট মোতায়েন কৰা হৈছে ৷ অগ্নি নিৰ্বাপক বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান ব্ৰিগেডিয়াৰ জেনেৰেল মঃ মইউদ্দিনে এই কথা নিশ্চিত কৰে ৷

উদ্ধাৰকাৰীসকলে জনোৱা মতে, অচেতন অৱস্থাত 42 গৰাকী লোকৰ লগতে 75 গৰাকী লোকক শ্বপিং মলটোৰ পৰা উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক: জোনাইৰ দলুঙত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি

Last Updated :Mar 1, 2024, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.