অসম

assam

Road accident in Jonai: অটো আৰু স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষ

By

Published : Jul 22, 2022, 8:42 AM IST

জোনাইত সংঘটিত পথ দুৰ্ঘটনা (Road accident in Jonai) ৷ বৃহস্পতিবাৰে জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী অটো আৰু এখন স্কৰপিঅ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় (Accident occurred between auto and Scorpio vehicle) ৷ যাত্ৰীবাহী অটোত থকা দুজন লোক গুৰুতৰভাৱে আহত হয় (Two people were injured in road accident)। আহত লোক দুজনক ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত লোক দুজন‌ ক্ৰমে জোনাইৰ ৰোহিতপুৰ দেউৰী গাঁৱৰ অৰূপ দেউৰী (৩২) আৰু জোনাই নেপালী বস্তিৰ খগেশ্বৰ মৰাং (৩৫) বুলি জানিব পৰা গৈছে । আনফালে স্কৰপিঅ’ বাহনত থকা পাঁচজন ব্যাক্তি বাহন এৰি উক্ত স্থানৰ পৰা পলায়ন কৰে ।

ABOUT THE AUTHOR

...view details