অসম

assam

মৰিগাঁও জিলা কোষাগাৰৰ পৰা কাজিৰঙাৰ কঁহৰালৈ স্থানান্তৰ গঁড়ৰ খৰ্গ

By

Published : Sep 21, 2021, 8:57 AM IST

বোকাখাতত তুংগত উঠিছে গঁড়ৰ খৰ্গ দহন প্ৰস্তুতি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দহন কৰিব গঁড়ৰ খৰ্গ ৷ পোনপ্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে আয়োজন কৰা গঁড়ৰ খৰ্গ দহনৰ প্ৰস্তুতিৰ অংশ হিচাবে বিগত সময়চোৱাত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ খৰ্গসমূহ সোমবাৰে ৰাজ্যৰ বিভিন্ন কোষাগাৰৰ পৰা ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰালৈ লৈ যোৱা হয় ৷ সেইমৰ্মে মৰিগাঁও জিলা কোষাগাৰত জমা হৈ থকা ৫৩ টা গঁড়ৰ খৰ্গ সোমবাৰে ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰালৈ নিয়াৰ ব্যৱস্থা কৰা হয় । আৰক্ষী, চি আৰ পি, শীৰ্ষ বনবিষয়া আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত মৰিগাঁও জিলা কোষাগাৰৰ পৰা কাজিৰঙাৰ কঁহৰালৈ কটকটীয়া স্থানান্তৰ কৰা হয় গঁড়ৰ খৰ্গকেইটা ।

ABOUT THE AUTHOR

...view details