অসম

assam

ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপলৈ সাজু নাৰায়ণপুৰৰ খেলুৱৈ

By

Published : Sep 18, 2021, 11:55 AM IST

মহাৰাষ্ট্ৰৰ পুনেত ২৫ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ষষ্ঠ ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ (6TH NATIONAL KUNGFU CHAMPIONSHIP) ৷ এই প্ৰতিযোগিতাত অসমৰ পৰা অংশগ্ৰহণ কৰিব প্ৰায় ত্ৰিশগৰাকী খেলুৱৈয়ে ৷ এই প্ৰতিযোগিতাৰ বাবে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলিছে প্ৰস্তুতি ৷ SHAOLIN TRADITIONAL KUNG-FU FEDERATION ৰ উদ্যোগত অসম টীমৰ প্ৰস্তুতিৰ দায়িত্ব দিয়া হৈছে মাষ্টাৰ অৰুণজ্যোতি হাজৰিকাক ৷ নাৰায়ণপুৰত বিশ্বনাথ আৰু লখিমপুৰ জিলা সামৰি প্ৰস্তুতি চলিছে অসম টীমৰ ৷ কিন্তু আৰ্থিক সমস্যাৰ বাবে দলটো সাজু কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছে প্ৰশিক্ষকগৰাকী ৷

ABOUT THE AUTHOR

...view details