অসম

assam

অসমক অশান্ত কৰিবলৈ পি এফ আইৰ ৭ কোটি টকীয়া পৰিকল্পনা

By

Published : Sep 26, 2021, 8:20 PM IST

পপুলাৰ ফ্রন্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই নামৰ সংগঠনটো অসমীয়া ভাষা-সংস্কৃতি আৰু সভ্যতাৰ বাবে এক অশনি সংকেত । পি এফ আইৰ কাম-কাজে অসমৰ চিৰ যুগমীয়া সমাজ ব্যৱস্থাৰ প্রতি প্ৰৱল ভাবুকি আহিছে । এই অভিযোগ প্ৰদেশ বিজেপিৰ । দেওবাৰে প্রদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এই অভিযােগ উত্থাপন কৰি কয় যে, অসমক অশান্ত কৰাৰ বাবে পি এফ আয়ে ৰাজ্যখনৰ প্ৰায় ৭০ লাখ ইছলাম ধৰ্মাৱলম্বী লােকৰ পৰা ১০ টকাকৈ সংগ্রহ কৰি এক বৃহৎ পুঁজি (প্রায় ৭ কোটি টকা) একত্রিত কৰি আছে । এই ধন চৰকাৰ আৰু ৰাষ্ট্র বিৰোধী হিংসাত্মক কামকাজত ব্যৱহাৰ হােৱাৰ পূর্ণ সম্ভাৱনা আছে । কেৱল গৰুখুটি আৰু ধলপুৰ অঞ্চলৰ পৰাই পি এফ আয়ে ২৮ লাখ টকা সংগ্রহ কৰা বুলি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বক্তব্যত ইতিমধ্যে উল্লেখ কৰিছে ।' বর্তমান সময়ত অসমক অশান্ত কৰাৰ বাবে কংগ্রেছ আৰু পি এফ আয়ে একেলগে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় ' বর্তমান সময়ত অসমীয়া বিৰোধী শক্তি দুটা একেটা মুদ্রাৰে ইপিঠি সিপিঠি । এ আই ইউ ডি এফ তেওঁলােকৰ বিশ্বস্ত সহযােগী । ছিপাঝাৰৰ ধলপুৰ, গৰুখুটি-শিৱমন্দিৰ অঞ্চলত হােৱা অপ্রীতিকৰ ঘটনাৰ আঁৰতাে পি এফ আইৰে হাত আছে ।'

ABOUT THE AUTHOR

...view details