অসম

assam

বেতবাৰীত স্থাপন শিৱসাগৰ সমষ্টিৰ প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ

By

Published : Feb 8, 2022, 7:06 PM IST

শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ স্থাপন হৈছে শিৱসাগৰ সমষ্টিৰ বেতবাৰীত (Assam Government set up a paddy procurement process center in sivsagar) ৷ যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi recation on Assam Government's paddy procurement process) ৷ মঙলবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত আয়োজিত এক সংবাদ মেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ জিলাৰ ভিতৰত বেতবাৰী সমবায় কেন্দ্ৰত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰ সন্দৰ্ভত কয় যে, শিৱসাগৰ সমষ্টিৰ ভিতৰত একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰত কৃষকে নিজে উৎপাদন কৰা ধান চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া ১৯৪০ টকা প্ৰতি কুইণ্টল মূল্যৰ বিনিময়ত বিক্ৰী কৰিব পাৰিব । লগতে তেওঁ কয় যে, ধান বিক্ৰী কৰিবলৈ অহাৰ আগত কৃষক সকলে দুটা বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগিব । তাৰে প্ৰথমটো হৈছে, বিক্ৰী কৰিবলৈ অহা কৃষকে ধানসমূহ মিহলি কৰি নিদিব । ধান শুকুৱাৰ সময়ত প্ৰত্যেকবিধ ধানেই পৃথকে আনিব । অন্যথা ভাৰতীয় খাদ্য নিগমে বিভিন্ন ধান একেলগ হোৱাৰ দোহাই দি ধান ক্ৰয় নকৰিব । দ্বিতীয়তে, বিক্ৰী কৰিব অনা ধান নূন্যতম দুবাৰ ৰ'দত শুকুৱাই ধানৰ আদ্ৰতা কমাই আনিব । উল্লেখ্য যে, বেতবাৰীৰ ধান বিক্ৰী কেন্দ্ৰত চৰকাৰী মূল্যত ধান বিক্ৰী কৰি লাভৱান হ’বলৈ আহ্বান জনাইছে বিধায়ক গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details