অসম

assam

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখত AJYCP ৰ প্ৰতিবাদ

By

Published : Sep 21, 2021, 9:46 PM IST

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখৰ গেৰুকামুখ পথত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ ধেমাজি, লখিমপুৰ আৰু মাজুলীবাসী ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত কোনো পধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম চলিবলৈ দিয়া নহ'ব বুলি স্পষ্ট ঘোষণা কৰিছে AJYCP য়ে ৷ তিনিখনকৈ জিলাৰ বাবে ভাবুকি স্বৰূপ এই প্ৰকল্পটোৰ কাম বন্ধ ৰাখিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সকিয়নী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেইবাটাও দল সংগঠনৰ ৷ প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই নামনি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত অসমৰ বিভিন্ন দল সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰক ত্ৰিপাক্ষিক বৈঠকত মিলিত হোৱাৰ আহ্বান AJYCP ৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা আৰু সম্পাদক পলাশ চাংমাইৰ ৷

ABOUT THE AUTHOR

...view details