অসম

assam

দুলীয়াজানত ন্যায় বিচাৰি ৩০ ঘণ্টীয়া অনশন বহিল সদৌ অসম ছাত্ৰ সন্থা

By

Published : Jan 3, 2022, 9:22 PM IST

দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষক সকলৰ সন্মিলনৰ দিনাই আছুৰ অনশন (AASU protest in Dibrugarh)। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী । ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ কিছু ছাত্ৰৰ মাজত সংঘাত সৃষ্টি হৈছিল (Clash in Dibru college election)। ইয়াৰ পাচতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আছু কৰ্মীৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ ন্যায় আৰু আটকাধীন আছু কৰ্মীক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আছুৱে গ্ৰহণ কৰিছে ৩০ ঘন্টীয়া অনশন দৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী (AASU hunger strike in Dibrugarh)। শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা নোলোৱা পৰ্যন্ত ক্ষান্ত নহয় বুলি সকিয়াই দিছে সদৌ অসম ছাত্ৰ সন্থাই ।

ABOUT THE AUTHOR

...view details