অসম

assam

Youth death: অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:14 PM IST

অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকৰ মৃত্যু

নগাঁও, 25 আগষ্ট : ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ ইয়াৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্তই ন ন কৌশল অৱলম্বন কৰি বৰবিহ সেৱন কৰি আহিছে ৷ শুকুৰবাৰে নগাঁও জিলাৰ হয়বৰগাঁও ৰে’ল ষ্টেচনত ড্ৰাগছ আসক্ত যুৱকৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতে যুৱকজনৰ মৃত্যুৰ সন্দেহ কৰিছে স্থানীয় লোকে। মৃত যুৱকজনৰ নাম দীপক সিং বুলি জানিব পৰা গৈছে । হয়বৰগাঁৱৰ হুজগাঁৱত ঘৰ ভাৰা কৰি আছিল যুৱকজন। সম্প্ৰতি ৰে’ল আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। উল্লেখ্য যে, বিগত সময়ত ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে নগাঁও জিলা । অৱশ্যে বৰ্তমান নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বহুকেইটা সফলতা লাভ কৰিছে যদিও এতিয়াও ড্ৰাগছমুক্ত হোৱা নাই নগাঁও। 

লগতে পঢ়ক:Anti tobacco drive: মৰিগাঁও জিলা আয়ুক্তই ৰাজপথত জ্বলালে ধঁপাত জাতীয় সামগ্ৰী

ABOUT THE AUTHOR

...view details