অসম

assam

Dead body Recovered: জ্যোতিনগৰত ৰহস্যজনক অৱস্থাত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

By

Published : Apr 1, 2023, 10:05 PM IST

জ্যোতিনগৰত ৰহস্যজনক অৱস্থাত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী,১ এপ্ৰিল: মহানগৰত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে (Dead body Recovered) ৷ শনিবাৰে পুৱা গুৱাহাটীৰ জ্যোতিনগৰৰ এটা বাসগৃহত ৰহস্যজনকভাৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Dead body recovered at Jyotinagar) ৷ জ্যোতিনগৰৰ তিনিআলিস্থিত ঘৰ নং ১২ ৰ নিৰ্মীয়মান অট্টালিকাৰ তৃতীয় মহলাত উদ্ধাৰ হোৱা মৃতদেহটো হাজোৰ নিবাসী বাপন দাসৰ বুলি জানিব পৰা গৈছে ।

ঘটনাৰ সন্দৰ্ভত অট্টালিকাৰ গৰাকী দুলু দাসে জানিবলৈ দিয়া মতে, যোৱা এসপ্তাহ ধৰি নিৰ্মীয়মান অট্টালিকাটোৰ শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল বাপন দাস। কিন্তু শুকুৰবাৰে নিশাৰে পৰা কোনো খা খবৰ নাছিল শ্ৰমিকজনৰ (Worker dead body recovered ) ৷  

মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচত ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া, ফৰেনচিকৰ দল, স্নিফাৰ ড’গ লৈ দণ্ডাধীশ উপস্থিত হয় ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত বাপন দাসে নিজৰ কোঠাত পিছলি পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। 

আৰক্ষীয়ে বাপন দাসৰ মৃতদেহৰ ওচৰত কপাৰৰ তাঁৰ আদিকে ধৰি ইলেক্ট্রনিক সামগ্ৰী থকা এটা বেগ উদ্ধাৰ কৰিছে । ঘটনা সন্দৰ্ভত চান্দমাৰি আৰক্ষীয়ে (Chandmari police) এটা নিজাববীয়াকৈ এটা গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:3 Rhino Poachers detained: কাজিৰঙাত গঁড় হত্যাৰে জড়িত তিনি চোৰাং চিকাৰীক আটক

ABOUT THE AUTHOR

...view details