অসম

assam

Road accident in Rangia: ৰঙিয়াত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন

By

Published : Jan 11, 2023, 11:05 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ তুলসীবাৰীত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Rangia) । দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন বাইক আৰোহী । ইফালে আন এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে । নিহত যুৱক দুজন হৈছে তুলসীবাৰী মাহতলীৰ সঞ্জু দাস (৩৩) আৰু ৰিমন বিশ্বাস (২২) । AS-25-U-5701 আৰু AS-25-L-9647 নম্বৰৰ বাইক দুখনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে (Two person died in Rangia accident) । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ১০৮ এম্বুলেন্স সেৱালৈ ফোন কৰে যদিও এঘন্টা পাৰ হৈ যোৱাৰ পিছতো দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত উপস্থিত নহ’ল ১০৮ এম্বুলেন্স সেৱা (108 ambulance service)। এই লৈ ১০৮ এম্বুলেন্স সেৱাৰ বিৰুদ্ধেও ঘটনাস্থলীৰ পৰাই ক্ষোভ প্ৰকাশ কৰে ৰাইজে । ইফালে উপায়বিহীন ৰাইজে ই-ৰিক্সাৰে নি চিকিৎসালয়ত ভৰ্তি কৰায় গুৰুতৰভাৱে আহত বাইক আৰোহীজনক । গুৰুতৰভাৱে আহত বাইক আৰোহী যুৱকজন হৈছে তুলসীবাৰীৰ পৰিমল হালদাৰ (৩৪) । পৰৱৰ্তী সময়ত ৰঙিয়া চিকিৎসালয়ৰ পৰা সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় পৰিমল হালদাৰক ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details