অসম

assam

Thieves arrested in Barpeta: ৰাম মন্দিৰ চুৰিৰ সৈতে জড়িত দুই গভাইত চোৰ আৰক্ষীৰ জালত

By

Published : Feb 22, 2023, 7:00 PM IST

Updated : Feb 22, 2023, 7:20 PM IST

বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই চোৰক

বৰপেটা, ২২ ফেব্ৰুৱাৰী: বৰপেটা চহৰত অব্যাহত আছে চোৰৰ উপদ্ৰৱ (Theft in Barpeta) ৷ শেহতীয়াকৈ চহৰখনত সংঘটিত হৈছে কেইবাটাও ধাৰাবাহিক চুৰিকাণ্ড ৷ আৰক্ষীয়েও এই বিষয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ চোৰক বিচাৰি অব্যাহত ৰাখিছে অভিযান ৷ এইবাৰ চোৰৰ বিৰুদ্ধে চলা অভিযানত বৰপেটা আৰক্ষীয়ে লাভ কৰিছে সফলতা ৷ সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে দুটাকৈ গভাইত চোৰ (Thieves arrested by Barpeta Police) ৷

উল্লেখ্য যে, দেওবাৰে নিশা বৰপেটা চহৰৰ ৰাম মন্দিৰত সংঘটিত হৈছিল এক চুৰিকাণ্ড (Theft at Ram Temple in Barpeta) ৷ মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিছিল প্ৰায় ২০ হাজাৰ টকা (Theft at Ram Temple in Barpeta) ৷ তিনিমাহৰ ভিতৰত ৰাম মন্দিৰত সংঘটিত হৈছিল দুটাকৈ চুৰিকাণ্ড ৷ অৰ্থাৎ দুমাহ পূৰ্বেও চোৰে ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা লুটি নিছিল প্ৰায় ৪০ সহস্ৰাধিক টকা (Robbery took place at Ram temple) ৷

ইয়াৰ পিচতে আৰক্ষীত থানা এই সন্দৰ্ভত ৰুজু হৈছিল গোচৰ ৷ গোচৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই লাভ কৰে সফলতা ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেয়ে আজি সংবাদমেল যোগে জনোৱা মতে, ৰাম মন্দিৰত সংঘটিত হোৱা চুৰিকাণ্ডৰ লগত জড়িত থকা বিকাশ দাস নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰে (Thieves arrested in connection with Ram temple theft) ৷ লগতে মন্দিৰৰ দানপাত্ৰৰ পৰা চুৰি কৰি নিয়া প্ৰায় ৫ হাজাৰোধিক টকা উদ্ধাৰ কৰে বিকাশ দাসৰ পৰা ৷

অৱশ্যে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ঘটনাৰে জড়িত চিন্ময় ভৰালী নামৰ আনটো চোৰ সম্প্ৰতি পলাতক হৈ আছে বুলি জানিব দিয়ে আৰক্ষীয়ে ৷ যদিও চিন্ময় ভৰালীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ইপিনে গান্ধী নগৰত সংঘটিত হোৱা আন এটা চুৰিকাণ্ডৰ সৈতে জড়িত ৰাতুল দাস নামৰ এটা চোৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে চোৰটোৰ পৰা নগদ ৭০ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে চুৰি কৰা ধনেৰে ক্ৰয় কৰা এটা নতুন মোবাইল হেণ্ডচেটো জব্দ কৰিছে ৷  

সত্ৰনগৰী বৰপেটাত ইটোৰ পিচত সিটোকৈ চুৰিৰ ঘটনাই ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ পিচত দুটাকৈ চোৰ আৰক্ষীৰ জালত পৰিল যদিও চহৰখনত চোৰৰ গেঙটোক পুলিয়ে পোখাই উভালি পেলাবলৈ ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়ক:Theft at Ram Temple: একে নিশাই ৰাম মন্দিৰসহ তিনিখন দোকানত চোৰৰ চাফাই অভিযান

Last Updated :Feb 22, 2023, 7:20 PM IST

ABOUT THE AUTHOR

...view details