Theft at Ram Temple: একে নিশাই ৰাম মন্দিৰসহ তিনিখন দোকানত চোৰৰ চাফাই অভিযান

By

Published : Feb 20, 2023, 4:06 PM IST

thumbnail

বৰপেটা, ২০ ফেব্ৰুৱাৰী: শেহতীয়াকৈ বৰপেটা চহৰত বৃদ্ধি পোৱা চুৰি ডকাইতি কাণ্ডই নিদ্ৰা হৰণ কৰিছে সমগ্ৰ বৰপেটাবাসীৰ (Crime in Barpeta) ৷ এইবাৰ চোৰৰ পৰা বাচি নগ’ল ধৰ্মীয় স্থানো ৷ কিয়নো বৰপেটা চহৰৰ মাজমজিয়াৰ ৰাম মন্দিৰত এইবাৰ চোৰে চলালে চাফাই অভিযান ৷ কেৱল ৰাম মন্দিৰেই নহয়, ৰাম মন্দিৰৰ উপৰিও আন তিনিখনকৈ দোকানত একে নিশাই চোৰে চলালে চাফাই অভিযান (Theft in Barpeta) ৷

উল্লেখ্য যে, দেওবাৰে নিশা চোৰে বৰপেটা চহৰৰ ৰাম মন্দিৰৰ দানপাত্ৰ ভাঙি চুৰি কৰি নিয়ে প্ৰায় ২০ হাজাৰ টকা (Theft at Ram Temple in Barpeta) ৷ লক্ষ্যণীয়ভাৱে তিনিমাহৰ ভিতৰত বৰপেটাৰ ৰাম মন্দিৰত সংঘটিত হোৱা এয়া দ্বিতীয়টো চুৰিকাণ্ড ৷ দুমাহ পূৰ্বেও চোৰে ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা লুটি নিছিল প্ৰায় ৪০ হাজাৰোধিক টকা (Robbery took place at Ram temple) ৷ 

ইফালে একে নিশাই ৰাম মন্দিৰৰ সমীপৰ কামাখ্যা এন্টাৰপ্ৰাইজ, দাস এজেঞ্চি আৰু পাৰিজাত ৰেষ্টুৰেন্টৰ পৰা চোৰে লুটি নিলে সা-সামগ্ৰী, নগদ ধন আৰু চিচি কেমেৰাৰ ডিভিআৰ ৷ কামাখ্যা এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত দুমাহৰ ভিতৰত এয়া আছিল তৃতীয়টো চুৰিকাণ্ড আৰু দাস এজেঞ্চীৰ পৰা দুবাৰকৈ চোৰে লুটি নিয়ে নগদ ধন আৰু সামগ্ৰী ৷ বৰপেটা চহৰৰ মাজমজিয়াত সদৰ থানাৰ নিচেই সমীপতে এইদৰে প্ৰতিদিনে সংঘটিত হোৱা চুৰিকাণ্ডক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ব্যৱসায়ীসকল (Theft in shops near Ram Temple in Barpeta) ৷

ব্যৱসায়ীসকলৰ অভিযোগ চহৰখনৰ মাজমজিয়াত প্ৰতিদিনে সংঘটিত হৈ অহা চুৰিকাৰ্যৰ ফলত তেওঁলোকৰ জীৱন নিৰ্বাহ কৰাটোৱে কঠিন হৈ পৰিছে ৷ ইপিনে চুৰিৰ ঘটনাক লৈ বৰপেটা আৰক্ষীৰ ওপৰত বিতুষ্ট ব্যৱসায়ীসকল ৷ আৰক্ষীয়ে তদন্তৰ বাবে আহি ব্যৱসায়ীসকলক আৰক্ষী অধীক্ষকৰ ওচৰতহে লিখিত অভিযোগ দাখিলৰ পৰামৰ্শ আগবঢ়ায়ে হেনো দায়িত্ব সামৰে ৷ সেয়ে এনেদৰে নিতৌ সংঘটিত চুৰিৰ ঘটনাৰ পিচতো এতিয়া দুৰ্ভগীয়া ব্যৱসায়ীসকলে আৰক্ষীৰ কাষ চাপিবলৈকে এৰিছে ৷

চোৰ কৰায়ত্ত কৰা বাদেই, ওলোটাই ব্যৱসায়ীসকলহে হাৰাশাস্তি চলায় বুলি আৰক্ষীৰ ওপৰত অভিযোগ ব্যৱসায়ীসকলৰ ৷ আনকি আৰক্ষীৰ ওপৰত ক্ষোভিত ব্যৱসায়ীসকলৰ অভিযোগ, চোৰৰ সৈতে সংযোগ আছে আৰক্ষীৰ ৷ কেৱল ইমানেই নহয়, ব্যৱসায়ীসকলৰ অভিযোগ চোৰ চিনি পোৱাৰ পিচতো হেনো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে চোৰক (Crime in Barpeta) ৷

এতিয়া প্ৰশ্ন হয়, বৰপেটা চহৰৰ মাজমজিয়াত দিনক দিনে বৃদ্ধি পোৱা চুৰিকাণ্ডৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে আৰক্ষীয়ে ? নে দিনৰ ভাগত মটৰ চাইকেলৰ হেলমেট চেক কৰিয়েই দায়িত্ব সামৰিব আৰক্ষীয়ে ?

লগতে পঢ়ক: Gold thieves arrested in Sivasagar: সোণ চুৰি চক্ৰৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীৰ সফল অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.