অসম

assam

ৰঙিয়া পৌৰসভাৰ উদ্যোগত ৰঙিয়াত স্বচ্ছ অভিযান

By

Published : Sep 17, 2022, 9:53 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ৰঙিয়া পৌৰসভাৰ উদ্যোগত শণিবাৰে ৰঙিয়াত স্বচ্ছ অভিযান(Swachh Abhiyan in Rangia)চলোৱা হয় । ৰঙিয়া নগৰবাসীক স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ কৰাৰ উদ্দেশ্যে উলিওৱা হয় স্বচ্ছতা সজাগতা শোভাযাত্ৰা । এই শোভাযাত্ৰাৰ পতাকা জোঁকাৰে ৰঙিয়া পৌৰসভাৰ(Rangia Municipality)পৌৰপতি অমৰেন্দ্ৰ লহকৰে । স্বচ্ছ ভাৰত মিছনৰ (Swachh Bharat Mission in Rangia) অধীনত স্বচ্ছ অমৃত মহোৎসৱৰ(Amrit Mahotsav in Rangia) লগত সংগতি ৰাখি ইণ্ডিয়ান স্বচ্ছতা লীগ অনুসৰি শনিবাৰে ৰঙিয়া ডিলাইট চিনেমা হলৰ পৰা ৰঙিয়া ৰেলৱে জংচনলৈ এই শোভাযাত্ৰা উলিওৱা হয় ৷ জনকল্যাণ সমিতিয়ে পৰিচালনা কৰা এই শোভাযাত্ৰাত ৰঙিয়া মহাবিদ্যালয়ৰ এনচিচিৰ অৰ্ধ শতাধিক কেডেট, চাফাই কৰ্মী, পাৰিষদ, সচেতন নাগৰিক আদিয়ে অংশগ্ৰহণ কৰে ।
Last Updated :Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details