অসম

assam

Narcotics Disposal in Guwahati: মহানগৰীৰ সাউকুচিত বৃহৎ সংখ্যক গাঞ্জা, চিগাৰেট দহন

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:08 PM IST

মহানগৰীৰ সাউকুচিত বৃহৎ সংখ্যক গাঞ্জা, চিগাৰেট দাহন

গুৱাহাটী,২৬ অক্টোবৰ:ৰাজ্যত অব্যাহত আছে নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান । বৃহস্পতিবাৰে মহানগৰীৰ সাউকুচিত দহন কৰা হয় নিচাজাতীয় দ্ৰব্য় বিৰোধী অভিযানত জব্দ কৰা বৃহৎ সংখ্যক গাঞ্জা, চিগাৰেটকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী । কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ উদ্যোগত দহন কৰা হয় নিষিদ্ধ গাঞ্জা আৰু বহিঃৰাজ্যৰ চিগাৰেটসমূহ । এই দহন কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ চেয়াৰমেন সঞ্জয় কুমাৰ আগৰৱালৰ উপৰিও বিভাগটোৰ উচ্চপদস্থ বিষয়াসকল ।  

এই দহন কাৰ্যসূচী শুভাৰম্ভ কৰি বিভাগটোৰ চেয়াৰমেনগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে ২০১৮ চনৰ পৰা ২০২২ চনলৈ বিভাগটোৱে দহটা গোচৰত জব্দ কৰা প্ৰায় ১৪ কোটি ৪৪ লাখ ৬২ হাজাৰ ৩৪০ টকা মূল্যৰ ৯০৭৭ কিলগ্ৰাম গাঞ্জা দহন কৰা হয় । অনুৰূপ ধৰণে ২০২১ চনৰ পৰা ২০২৩ চনলৈ বিভাগটোৱে ৩৫ টা গোচৰত জব্দ কৰা প্ৰায় ২৯ কোটি ৬৬ লাখ ৭৬ হাজাৰ ২০০ টকা মূল্যৰ ১ কোটি ৫১ লাখ ৭৩ হাজাৰ ৪০ টা চিগাৰেট দহন কৰা হয় ।

লগতে পঢ়ক:Operation against Drugs : নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details