অসম

assam

Tiger at Kaliabor: কলিয়াবৰত মাৰ যোৱা নাই বনৰজাৰ আতংক; আকৌ জনাঞ্চলত বনৰজা

By

Published : Apr 17, 2023, 4:00 PM IST

কলিয়াবৰ, 17 এপ্ৰিল :বিগত কেবামাহ ধৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলত সঘনে বনৰজাই বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে (Tiger Free roaming at Kaliabor) ৷ বনৰজাৰ গুজৰণি শুনি পেটত হাত-ভৰি লুকুৱাৰ অৱস্থা হৈছে কলিয়াবৰবাসীৰ ৷ বিগত কেবামাহে কলিয়াবৰ চাহ বাগিচাৰ মাজত আৰু কামাখ্যা পাহাৰৰ নামনিত এতিয়াও মুক্তমনে বিচৰণ কৰি থকা ঢেকীয়াপতীয়াৰ পৰিয়ালটো আঁতৰি যোৱা নাই (Royal Bengal tiger at Kaliabar)।

বনবিভাগৰ ফালৰ পৰাও অহৰহ চেষ্টা কৰি থকা হৈছে ৷ কিন্তু সফল হোৱা নাই বন বিভাগৰ লোক ৷ ইফালে এই ঢেকীয়াপতীয়া বাঘে অঞ্চলটোৰ পশুধনৰ ক্ষতি কৰিছে যদিও এতিয়ালৈকে জনধনৰ কোনো ক্ষতি সাধন কৰা নাই । আনকি অঞ্চলটোৰ লোকেও ঢেকীয়াপতীয়া বাঘৰ পৰিয়ালটোক ক্ষতি কৰাৰ কোনো চেষ্টা কৰা নাই ৷ ফলত শংকামুক্ত হৈ চাহ বাগিচাৰ মাজে মাজে বিচৰণ কৰি আছে ঢেকীয়াপতীয়াই ।

অৱশ্যে বাঘ চাবলৈ বা বাঘৰ দৃশ্য সংগ্ৰহ কৰিবলৈ ভিন্ন ঠাইৰ প্ৰকৃতিপ্ৰেমী তথা সাধাৰণ লোকে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে কলিয়াবৰৰ চাহ বাগিচাত (Tiger menace at Kaliabar)  ।

লগতে পঢ়ক :Tiger Free roaming at Kaliabor : আঁতৰি যোৱা নাই কলিয়াবৰৰ পৰা বনৰজা; ৰাইজৰ মনত আতংক

ABOUT THE AUTHOR

...view details