Tiger Free roaming at Kaliabor : আঁতৰি যোৱা নাই কলিয়াবৰৰ পৰা বনৰজা; ৰাইজৰ মনত আতংক

By

Published : Mar 14, 2023, 8:58 PM IST

thumbnail

কলিয়াবৰ, 14 মাৰ্চ : কলিয়াবৰৰ নাম কামাখ্যা গাঁৱৰ শিলঘাট-জখলাবন্ধা পথ পাৰ হ’ল এইবাৰ বনৰজাই ৷ গৰুক খেদি খেদি বাঘ পালেগৈ নাম কামাখ্যা গাঁও (Tiger at Village of Kaliabor)৷ ইফালে বাঘ খেদিবলৈ বনকৰ্মীয়ে ফুটালে গুলী ৷ বনকৰ্মীৰ গুলীৰ শব্দত গুজৰিছে ঢেকীয়াপতীয়া বাঘে ৷

বিগত প্ৰায় এমাহ ধৰি কলিয়াবৰ চাহ বাগিচাত 5-6 টাকৈ ঢেকীয়াপটীয়া বাঘে বিচৰণ কৰি আতংকৰ সৃষ্টি কৰি আছে (Free roaming of tiger at Kaliabor) । যাৰ ফলত কলিয়াবৰ চাহ বাগিচাত শ্ৰমিকসকলে ভয়-শংকাৰ মাজেৰে পাত তুলিব লগা হৈছে । ইতিমধ্যে কেইবাটাও পশুধন নিধন কৰিছে এই ঢেকীয়াপটীয়া বাঘে (Tiger Free roaming at Kaliabor)।

ঢেকীয়াপটীয়া বাঘে আতংক সৃষ্টি কৰা বাতৰি সংবাদ মাধ্যমত বাৰে-বাৰে সম্প্ৰচাৰ হোৱাৰ পাচতেই সোমবাৰে দুটা হাতী লৈ বন বিভাগৰ দল উপস্থিত হয় কলিয়াবৰ চাহ বাগিচাত । বন বিভাগৰ দলে হাতী লৈ বাঘৰ বিৰুদ্ধে চলোৱা অভিযান কালতেই বাঘে সলনি কৰিছে নিজৰ স্থান ৷ কলিয়াবৰ চাহ বাগিচা এৰি এইবাৰ বাঘ পালেগৈ সমীপৰে নাম কামাখ্যা গাঁও ।

ইফালে মঙলবাৰে বাঘ বিচৰণ কৰা স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিগৰাকীয়ে । বাঘ খেদিবলৈ পুনৰ দতাল হাতীয়ে অভিযান চলাই আছে কলিয়াবৰ চাহ বাগিচাত । কলিয়াবৰ চাহ বাগিচাত বাঘ চাবলৈ বিগত সময়চোৱাত বহুলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ যাক লৈ এতিয়া কঠোৰ হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন । অনাকাংক্ষিত পৰিৱেশ ৰোধ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ আছে প্ৰশাসন কিম্বা বনবিভাগ ।

লগতে পঢ়ক : Tiger at Kaliabor : বনৰজাক বিচাৰি কলিয়াবৰত বন বিভাগৰ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.