কমলপুৰত ভোটদান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 8:06 PM IST

thumbnail

আমিনগাঁও, ২৬ এপ্ৰিল : আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্য়াহত আছে  ৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচত পূৰ্বৰ মঙলদৈ সমষ্টিটো দৰং-ওদালগুৰি সমষ্টি হিচাপে নামকৰণৰ পিচত এইবাৰ ১১ টালৈ বিধানসভা সমষ্টি বৃদ্ধি পায় । এই লোকসভা সমষ্টিটোৰ অন্তৰ্গত কমলপুৰ সমষ্টিৰ মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে স-পত্নীক ভোট দিবলৈ পুৱাই শাৰী পাতে ।

ইয়াৰ পিচতেই সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ কয়," এইবাৰ বিৰোধীবিহীন নিৰ্বাচন অনুষ্ঠিত হৈছে ।" ইপিনে, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰি কয়," ধুবুৰী সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ভাল ফল দেখুৱাব । আজমলৰ জৰা-ফুকা এইবাৰ নচলে ।"

লগতে পঢ়ক:ভোটগ্ৰহণ কেন্দ্ৰত ৰাজনৈতিক নেতাৰ ভিৰ : চাওক কোনে ক’ত কৰিলে ভোটদান - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.