বিজেপিত ন-বিজেপি,পুৰণি বিজেপি বুলি একো নাই : ৰণজিৎ কুমাৰ দাস - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 8:14 PM IST

thumbnail

বৰপেটা, ২৬ এপ্ৰিল: বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ পিচতেই দলটোৰ মাজতেই আৰম্ভ হৈছে ব্য়াপক চৰ্চা । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মন্ত্ৰী-বিধায়ক । ইয়াৰ মাজতেই আজি বৰপেটাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়," কবীন্দ্ৰ পুৰকায়স্থ, ৰমেন ডেকাই প্ৰথমতে জনসংঘ স্থাপন কৰিছিল । তাৰ পিচত ৰাজেন গোহাঁয়ে বিজেপিত যোগদান কৰিছিল । তেতিয়াতো ৰাজেন গোহাঁইক ন-বিজেপি বুলি কোৱা নাছিল ।"

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত জ্যেষ্ঠ বিজেপিৰ নেতা ৰাজেন গোহাঁয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ সন্মুখত পুৰণি বিজেপি কৰ্মীৰ অসন্তুষ্টিৰ কথা প্ৰকাশ  কৰে । এই সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়," বিজেপিত ন-বিজেপি,পুৰণি বিজেপি বুলি একো নাই ৷ বিজেপি দলত সকলো কাৰ্যকৰ্তা ৷"

তেওঁ পুনৰ কয়," আনকি সৰ্বানন্দ সোণোৱালেও হিমন্ত বিশ্ব শৰ্মাক ন-বিজেপি বুলি কোৱা নাই ৷ জ্যেষ্ঠ বিজেপি কৰ্মীক সন্মান দি ন-বিজেপিক মৰমেৰে আকোৱালি লৈ আগবাঢ়ি যাব লাগিব ৷ বিজেপি অকল এটা পাৰ্টিয়ে নহয়, এয়া এটা মিছন ৷"

লগতে পঢ়ক:বিজেপিৰ বিপৰ্যয়ৰ আশংকা কৰি ৰাজেন গোহাঁইৰ হুংকাৰ : জবাব দিব লাগিব নেতৃত্বই - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.