বিজেপিত ন-বিজেপি,পুৰণি বিজেপি বুলি একো নাই : ৰণজিৎ কুমাৰ দাস - Lok Sabha election 2024 - COMMENT OF RAJEN GOHAIN

🎬 Watch Now: Feature Video

thumbnail
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (undefined)

By ETV Bharat Assamese Team

Published : April 26, 2024 at 8:14 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ২৬ এপ্ৰিল: বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ পিচতেই দলটোৰ মাজতেই আৰম্ভ হৈছে ব্য়াপক চৰ্চা । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মন্ত্ৰী-বিধায়ক । ইয়াৰ মাজতেই আজি বৰপেটাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়," কবীন্দ্ৰ পুৰকায়স্থ, ৰমেন ডেকাই প্ৰথমতে জনসংঘ স্থাপন কৰিছিল । তাৰ পিচত ৰাজেন গোহাঁয়ে বিজেপিত যোগদান কৰিছিল । তেতিয়াতো ৰাজেন গোহাঁইক ন-বিজেপি বুলি কোৱা নাছিল ।"

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত জ্যেষ্ঠ বিজেপিৰ নেতা ৰাজেন গোহাঁয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ সন্মুখত পুৰণি বিজেপি কৰ্মীৰ অসন্তুষ্টিৰ কথা প্ৰকাশ  কৰে । এই সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়," বিজেপিত ন-বিজেপি,পুৰণি বিজেপি বুলি একো নাই ৷ বিজেপি দলত সকলো কাৰ্যকৰ্তা ৷"

তেওঁ পুনৰ কয়," আনকি সৰ্বানন্দ সোণোৱালেও হিমন্ত বিশ্ব শৰ্মাক ন-বিজেপি বুলি কোৱা নাই ৷ জ্যেষ্ঠ বিজেপি কৰ্মীক সন্মান দি ন-বিজেপিক মৰমেৰে আকোৱালি লৈ আগবাঢ়ি যাব লাগিব ৷ বিজেপি অকল এটা পাৰ্টিয়ে নহয়, এয়া এটা মিছন ৷"

লগতে পঢ়ক:বিজেপিৰ বিপৰ্যয়ৰ আশংকা কৰি ৰাজেন গোহাঁইৰ হুংকাৰ : জবাব দিব লাগিব নেতৃত্বই - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details