অসম

assam

Rare child birth case : বৰপেটা মেডিকেল কলেজত অস্বাভাৱিক শিশুৰ জন্ম, এটা শিশুৰ দুটাকৈ মূৰ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:22 PM IST

এটা শিশুৰ দুটাকৈ মূৰ

বৰপেটা, 15 ছেপ্টেম্বৰ:বৃহস্পতিবাৰে বিয়লি প্ৰায় 7.30 মান বজাত বৰপেটা মেডিকেল কলেজত এটি অস্বাভাৱিক শিশুৰ জন্ম হয়। শিশুটিৰ শৰীৰ এটা কিন্তু মূৰ দুটা। মেডিকেল টাৰ্মত এনেকুৱা শিশুক Conjoined Twins বুলি কোৱা হয়। সমগ্ৰ বিশ্বত এনেকুৱা শিশুৰ জন্মৰ হাৰ 1 লাখত 1 টা। 

প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে বৰপেটা মেডিকেল কলেজৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগত বৰপেটা জিলাৰ বিলাসীপাৰা নিবাসী সন্তান সম্ভৱা মহিলা শ্বাহিদা খাতুনক ভৰ্তি কৰোৱা হৈছিল ৷ প্ৰসূতি চহিদাৰ গৰ্ভ পৰীক্ষা কৰাৰ পিচত পোহৰলৈ আহে অস্বাভাৱিক শিশুটিৰ কথা। পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে চিজাৰিয়ান পদ্ধতিৰে চহিদাৰ প্ৰসৱ কৰোৱা হয়। আৰু তাৰ পিচৰে পৰা জন্ম লাভ কৰা অস্বাভাৱিক শিশুটি NICU ত চিকিৎসাধীন হৈ আছে।

শুকুৰবাৰে বৰপেটা মেডিকেল কলেজৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ ৰবিন মেধিয়ে সংবাদ মাধ্যমক শিশুটিৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে অৱগত কৰে। এইধৰণৰ শিশুৰ সাধাৰণতে জীয়াই থকাৰ সম্ভাৱনা অতি কম হয় বুলি অভিহিত কৰে জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে। লক্ষ্যণীয় যে, ভাৰতত প্ৰতিবছৰে 5 হাজাৰ এনেকুৱা শিশুৱে জন্ম লাভ কৰে।

লগতে পঢ়ক:Teok missing news:সন্তানৰ মুখলৈ চাই ঘূৰি আহিবলৈ অনুৰোধ পিতৃৰ

ABOUT THE AUTHOR

...view details